শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চলিছে নেকি ধুবুৰীক বাংলাদেশৰ সৈতে সংলগ্ন কৰাৰ চক্ৰান্ত ? “নবীন বাংলা”ৰ নামত আঁৰিছিল পোষ্টাৰ ! কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

মুখ্যমন্ত্রীয়ে প্রকাশ কৰে যে, ঈদৰ পূৰ্বে “নবীন বাংলা” নামৰ এটা গোটৰ নামত ধুবুৰীৰ কিছুমান স্থানত পোষ্টাৰ আঁৰিছিল একাংশই । তেওঁ কয়, এই পোষ্টাৰসমূহৰ ভিতৰত উচতনিমূলক কবিতা আৰু ধুবুৰীক বাংলাদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী আছিল।

চলিছে নেকি ধুবুৰীক বাংলাদেশৰ সৈতে সংলগ্ন কৰাৰ চক্ৰান্ত ? “নবীন বাংলা”ৰ নামত আঁৰিছিল পোষ্টাৰ ! কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 13 Jun 2025 21:04 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে, ধুবুৰী জিলাৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিয়ে উদ্বেগ সৃষ্টি কৰিছে । সাম্প্ৰদায়িক অশান্তি সৃষ্টিৰ বাবে এটা সংগঠিত গোটে চেষ্টা চলোৱা বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ঈদৰ পিছদিনা এটা হনুমান মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ পাছতে ধুবুৰী চহৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় । এই পৰিস্থিতি পৰ্যালোচনাৰ বাবে শুকুৰবাৰে জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

এই ভ্ৰমণ কালতে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, “বকৰি ঈদৰ পিছদিনা কিছুমান উপাদানে এটা হনুমান মন্দিৰৰ সন্মুখত এটা কটা গৰুৰ মূৰ ৰাখিছিল। ইয়াৰ পাছতে দুয়োটা সম্প্ৰদায়ৰ নেতাসকলে মিলিত হৈছিল আৰু শান্তি-সম্প্ৰতি বজাই ৰখাৰ বাবে সিদ্ধান্ত হৈছিল । ফলত পৰিস্থিতিৰ সমাধান হোৱা যেন লাগিছিল।”

“কিন্তু ইয়াৰ পিছৰ দিনা পুনৰ মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ ফলত পুনৰ উত্তেজনা বৃদ্ধি পালে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় যে, ঘটনাৰ পিছতে একাংশ অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰে আৰু ফলত পৰিস্থিতি উদ্বেগজনক হৈ পৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্রীয়ে প্রকাশ কৰে যে, ঈদৰ পূৰ্বে “নবীন বাংলা” নামৰ এটা গোটৰ নামত ধুবুৰীৰ কিছুমান স্থানত পোষ্টাৰ আঁৰিছিল একাংশই । তেওঁ কয়, “এই পোষ্টাৰসমূহৰ ভিতৰত উচতনিমূলক কবিতা আৰু ধুবুৰীক বাংলাদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী আছিল। তেনে তিনিখন পোষ্টাৰ দেখা গৈছে, যাৰ ভিতৰত এখন পোষ্টাৰত সেনাৰ সংকেত লিখা হৈছিল।”

ইফালে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাতিৰ বাবে শ্বুট এট চাইটৰ আদেশ জাৰি কৰা হৈছে। আজি নিশাৰ পৰা ধুবুৰী জিলাত “শিল নিক্ষেপ”কে ধৰি যিকোনো অবৈধ কাৰ্যকলাপৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য হ’ব। পৰিস্থিতিৰ তদাৰক কৰি শান্তি নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

তেওঁ লগতে কয় যে,“সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল । এটা-দুটা চক্ৰই সমগ্ৰ পৰিৱেশটো বেয়া কৰি দিয়ে । এই চৰকাৰৰ দিনত ইয়াক কেতিয়াও মানি লোৱা নহ’ব ।

লগতে পঢ়ক : ধুবুৰী চহৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…