শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধুবুৰীত নিয়োগ কৰা হ’ব অতিৰিক্ত নিৰাপত্তা বাহিনীঃ মুখ্যমন্ত্রীয়ে কৰিলে ঘোষণা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে প্রশাসনে এই পর্যন্ত গ্রহণ কৰা ব্যৱস্থাৰ বুজ লয় আৰু জিলাখনত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাত গুৰুত্ব প্রদান কৰে। তেওঁ লগতে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনী মোতায়েন অব্যাহত ৰাখিবলৈ প্রশাসনক নির্দেশ দিয়ে।

ধুবুৰীত নিয়োগ কৰা হ’ব অতিৰিক্ত নিৰাপত্তা বাহিনীঃ মুখ্যমন্ত্রীয়ে কৰিলে ঘোষণা
মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Published: 13 Jun 2025 20:16 PM

গো-মাংস কাণ্ডক লৈ এতিয়াও উত্তেজনা অব্যাহত আছে ধুবুৰীত। জিলাখনৰ হনুমান মন্দিৰ চৌহদৰ ভিতৰত কিছুদিন পূর্বে নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনাৰ পিছতে সৃষ্টি হোৱা উত্তেজনা তথা অপ্রীতিকৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলা ভ্রমণ কৰে। ভ্রমণ কালত মুখ্যমন্ত্রীয়ে আৰক্ষী সঞ্চালক প্রধান হৰমীত সিং, অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীকে ধৰি ৰাজ্য প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ সৈতে ধুবুৰীৰ আৱৰ্ত ভৱনত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।

উল্লেখ্য যে, কিছুদিন পূর্বে ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ বালুৰ চৰস্থিত হনুমান মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চহৰখনত এক অশান্তিকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল। ঘটনাৰ লগে লগে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে উক্ত স্থানলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও অদ্যপি সমগ্ৰ চহৰখনতে এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ আইন-শৃংখলা পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে জিলাখনত উপস্থিত হৈ উক্ত মন্দিৰৰ চৌহদ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে হনুমান মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি মন্দিৰ সমিতিৰ সদস্যসকলৰ লগতে স্থানীয় বাসিন্দাসকলৰ সৈতেও ঘটনা সন্দৰ্ভত মত বিনিময় কৰে। এই সময়তে তেওঁ মন্দিৰ চৌহদত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ কথা উল্লেখ কৰে।

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ উন্নয়নৰ বাবে চৰকাৰী সাহায্য প্রদানৰো আশ্বাস দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই জিলাখনৰ সাম্প্ৰতিক আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত ধুবুৰী জিলাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। আৰক্ষী সঞ্চালক, অতিৰিক্ত মুখ্য সচিব (গৃহ), জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকত জিলাখনত যাতে কোনো দুস্কৃতিকাৰিয়ে অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰি উত্তেজনা বৃদ্ধি কৰিব নোৱাৰে সেই সন্দৰ্ভত কঠোৰ পদক্ষেপ ল’বলৈ জিলা প্রশাসন আৰু আৰক্ষী প্ৰশাসনক তেওঁ নির্দেশ প্রদান কৰে।

বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলাখনত আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে প্রশাসনে এই পর্যন্ত গ্রহণ কৰা ব্যৱস্থাৰ বুজ লয়। লগতে জিলাখনত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাতো তেওঁ গুৰুত্ব প্রদান কৰে। তেওঁ লগতে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনী মোতায়েন অব্যাহত ৰাখিবলৈ প্রশাসনক নির্দেশ দিয়ে। জিলাখনত অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা অশুভ শক্তিসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈও তেওঁ আৰক্ষী প্ৰশাসনক নির্দেশ দিয়ে।

তেওঁ লগতে জিলাখনত অশান্তি সৃষ্টি কৰা লোকসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কোনো ব্যক্তি বা গোটকে সামাজিক বিশৃংখলতা আৰু অশান্তিময় পৰিৱেশ সৃষ্টি কৰিবলৈ দিয়া নহ’ব বুলি দৃঢ়তাৰে কয়। এই বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে জিলা প্ৰশাসনক অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ লগতে ৰেপিড একচন ফ’ৰ্চ (আৰ এ এফ) কো নিয়োগ কৰাৰ নিৰ্দেশ দিয়ে।

আনহাতে মুখ্যমন্ত্রীয়ে বিষয়টোৰ সন্দৰ্ভত নাগৰিকসকলৰ সৈতে আন এক বৈঠকত মিলিত হৈ জিলাখনত আইন শৃংখলাজনিত পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে সাধাৰণ ৰাইজৰ সহযোগিতা বিচাৰে। আজিৰ এই ভ্ৰমণৰ সময়ত আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ সিং, জিলা আয়ুক্ত দিবাকৰ নাথ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবীন সিং প্রমূখ্যে শীর্ষ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।