শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বৰ দৰবাৰত জিলিকিব বাগৰুম্বা নৃত্য, বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ…

বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই উদ্দেশ্যে শুকুৰবাৰে লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বড়ো জনগোষ্ঠীৰ কেইবাটাও প্রতিনিধি দলৰ সৈতে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বিশ্বৰ দৰবাৰত জিলিকিব বাগৰুম্বা নৃত্য, বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ…
বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক
manas-borah
Manas Borah | Updated On: 13 Jun 2025 22:29 PM

বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই উদ্দেশ্যে শুকুৰবাৰে লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বড়ো জনগোষ্ঠীৰ কেইবাটাও প্রতিনিধি দলৰ সৈতে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখ্য যে,গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৰাজ্য চৰকাৰে জাতীয় উৎসৱ বিহু আৰু চাহ জনগোষ্ঠীৰ ঝুমইৰ নৃত্য ইতিমধ্যে সফলতাৰে অনুষ্ঠিত কৰিছে। ঠিক তেনেদৰে চলিত বৰ্ষৰ নৱেম্বৰ অথবা ডিচেম্বৰ মাহৰ প্ৰথম ভাগত গুৱাহাটীত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে।

এই উদ্দেশ্যে অনুষ্ঠিত বৈঠকত বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ প্রতিনিধিসকলে বাগৰুম্বা নৃত্য পৰিৱেশন অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ দিশত পৰামৰ্শ আগবঢ়ায়। এই বৈঠকত বিশেষজ্ঞ সমিতি, মাষ্টাৰ প্ৰশিক্ষক, নৃত্য দল বাছনি, সমষ্টি ভিত্তিক কর্মশালা আৰু গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুশীলনকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়।

প্ৰকাশ কৰা এক বিবৃতিত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, বিহু আৰু ঝুমইৰ নৃত্য সফলতাৰে সম্পাদন কৰাৰ পিছত ৰাজ্য চৰকাৰে সাংস্কৃতিক দিশত অতিশয় চহকী বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই অনুষ্ঠান যাতে ত্রুটিহীনভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে আৰম্ভণিৰ পৰা সেই দিশত দৃষ্টি ৰাখিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক তেওঁ নির্দেশ দিয়ে। এই ক্ষেত্রত বড়ো জাতীয় সংগঠনৰ সৈতে সু-সমন্বয়েৰে পদক্ষেপ গ্রহণ কৰিবলৈও তেওঁ নিদের্শনা প্রদান কৰে।

তেওঁ লগতে কয় যে, ১০ ৰ পৰা ১১ হাজাৰ শিল্পীৰ দ্বাৰা পৰিৱেশিত হ’বলগীয়া এই নৃত্য প্ৰদৰ্শনৰ বাবে ৰাজ্যখনৰ সকলো জিলাৰ পৰা প্ৰতিনিধি থাকিব। প্রথমে সমষ্টিভিত্তিত, জিলাভিত্তিত আৰু চূড়ান্ত অনুশীলন গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত কৰা হ’ব।

এই ক্ষেত্রত জিলা আযুক্তসকলে অনুষ্ঠানত অংশগ্রহণ কৰিবলগীয়া শিল্পীসকলক প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়াব। মুখ্যমন্ত্রীয়ে এই দিশত বড়ো সংগঠনসমূহক জিলা আয়ুক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অতি কম দিনৰ ভিতৰতে ২৫ জনীয়া বিশেষজ্ঞ সমিতিখন গঠনৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰি আগতীয়াকৈ পৰিকল্পনা গ্রহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়।

আজিৰ এই বৈঠকত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিটিআৰ প্ৰধান প্রমোদ বড়োৰ উপৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, বিটিআৰৰ প্রধান সচিব আকাশ দীপ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, সম্পাদক নীলকান্ত গয়াৰী প্ৰমুখ্যে বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। এই বৈঠকত বিটিআৰৰ অন্তৰ্গত জিলা কেইখনৰ জিলা আযুক্তসকল ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে অংশগ্ৰহণ কৰে।