ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিজেপি-অগপৰ প্ৰাৰ্থী…
১২ জুন বৃহস্পতিবাৰ আছিল ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন । এই দিনটোলৈকে আন কোনো দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত এই দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল বিজেপিৰ কনাড পুৰকায়স্থ আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য । খবৰ অনুসৰি, অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে একমাত্ৰ বিজেপি আৰু অগপই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। উল্লেখ্য যে, ১২ জুন বৃহস্পতিবাৰ আছিল ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন । এই দিনটোলৈকে আন কোনো দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত এই দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।
প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে কনাড পুৰকায়স্থ । বৰাকৰ নেতা কনাড পুৰকায়স্থ বিজেপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ। ইফালে,অগপৰ প্ৰবীণ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বৈশ্যই তৃতীয়বাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ।
বিৰোধী প্ৰাৰ্থী নথকাৰ বাবে বিজেপিৰ কনাড পুৰকায়স্থ আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰা হৈছে।
১৪ জুনত বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো জৰুৰী হৈ পৰিছিল । ৰাজ্যসভাত অসমৰ ৭খন আসন আছে, য’ত চাৰিখন আসন বিজেপিৰ, আৰু এখনকৈ আসন মিত্ৰ দল অগপ আৰু ইউপিপিএলৰ। আনখন আসনত প্ৰতিনিধিত্ব কৰে এজন নিৰ্দলীয় সাংসদে।