13 June 2025
TV9 ASSAM
Photos Credit: Getty Images
ফেটি লিভাৰৰ সমস্য়া দিনক দিনে বৃদ্ধি পাইছে । বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে ফেটি লিভাৰৰ সমস্যাত ভুগিছে প্ৰায় সংখ্যক লোক ।
যদি আপুনি ফেটি লিভাৰৰ সমস্যাত ভুগিছে তেন্তে এই পানীয় আপোনাৰ বাবে উপকৰী । ই যকৃতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ।
গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে কেটেচিন, শক্তিশালী এন্টিঅক্সিডেন্ট থাকে যিয়ে যকৃতৰ প্ৰদাহ আৰু যকৃতৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।
যকৃতৰ স্বাস্থ্য উন্নত কৰিবলৈ আপুনি নেমু পানী খাব পাৰে । নেমু পানীয়ে যকৃতৰ চৰ্বি আঁতৰোৱাৰ লগতে বিষাক্ত পদাৰ্থ বাহিৰ কৰে ।
বিটৰ ৰস খাব পাৰে । ইয়াত বিটালিন আৰু নাইট্ৰেট থাকে যিয়ে যকৃতৰ বিষমুক্তকৰণ বৃদ্ধি কৰে, অক্সিডেটিভ ক্ষতি হ্ৰাস কৰে আৰু তেজৰ সোঁত উন্নত কৰে।
আমলখিৰ ৰসত ভিটামিন চি আৰু পলিফিনল থাকে, যিয়ে যকৃতৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে । ই যকৃতৰ কাৰ্য্যক্ষমতা উন্নত কৰাত সহায় কৰে ।
হালধিত থকা কাৰকুমিনৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে যকৃতৰ স্বাস্থ্য ভাল কৰাত সহায় কৰে আৰু চৰ্বি জমা হোৱাত বাধা দিয়ে।
পঢ়িবলৈ ক্লিক কৰক