শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অৰুণাচলত নিহত তিনিচুকীয়াৰ গেলা পুখুৰী চাহ বাগিচাৰ শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ...

অৰুণাচলত নিহত তিনিচুকীয়াৰ গেলা পুখুৰী চাহ বাগিচাৰ শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ…

barasha-sarma
Barasha Sarma | Published: 17 Dec 2025 21:44 PM

অৰুণাচল প্ৰদেশত নিহত শ্ৰমিকসকলৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি শৰ্মাই তিনিচুকীয়াত উপস্থিত হৈ মৃতসকলৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। পাহাৰৰ পৰা বাগৰি পৰিছিল এখন ট্ৰাক। যাৰ ফলত থিতাতে কেইবাগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল। এই শ্ৰমিকসকল আছিল তিনিচুকীয়াৰ গেলা পুখুৰী চাহ বাগিচাৰ। এই শ্ৰমিকসকলৰ পৰিয়ালত আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত শৰ্মাই মৃতকৰ পৰিয়ালত সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫ লাখ টকাকৈ এককালীন সাহাৰ্য আগবঢ়ায়। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰিয়ালসমূহলৈ ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছিল।

ইফালে আহত লোকজনৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আহতজনক ১ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে। তেওঁৰ সুচিকিৎসাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…