বিগত পাঁচ বছৰত আমি অসম্ভৱ প্ৰায় বহু কাম সম্ভৱ কৰি তুলিছোঁ : মুখ্যমন্ত্রী
আজিৰ এই অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত বীজধন হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ ধনৰাশি হৈছে উদ্যমী মহিলাসকলৰ বাবে এক আৰম্ভণিহে। কিয়নো এই ধনৰ সঠিক ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলি জীৱনৰ বাটত বহুদূৰ আগবাঢ়ি যাব পাৰিব।
টিংখাং সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ আৰু একাধিক প্রকল্প উদ্বোধন তথা শিলান্যাসত অংশ লয় মুখ্যমন্ত্ৰীয়ে। প্রকল্প চৌহদত আয়োজিত এখন বিশাল জনসভাত অংশগ্রহণ কৰি সমষ্টিটোত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ বাবে নিৰ্বাচিত উদ্যমী মহিলাসকলৰ মাজত চেক বিতৰণৰ শুভাৰম্ভ কৰে। টিংখাং সমষ্টিত সর্বমুঠ ২৩,৭৯১ গৰাকী মহিলাই এই অভিযানৰ চেক লাভ কৰিছে।
আনহাতে, টিংখাং সমষ্টিত চেক বিতৰণৰ বাবে আয়োজিত সভাৰ পৰাই মুখ্যমন্ত্রী ড° শর্মাই ১২.৩২ কোটি টকা ব্যয় সাপেক্ষে অভয়পুৰ গ্ৰাম্য ক্রীড়া প্রকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ লগতে অসম মালা ৩.০ ৰ অধীনত মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাব-গজপুৰীয়া লুকুমাৰী অংশৰ পথছোৱা ৩৬.৯২ কোটি টকা ব্যয়ৰে উন্নীতকৰণ আৰু বহলীকৰণ আৰু টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ আজি শিলান্যাস কৰে। ১৯.৫০ কোটি টকা ব্যয়ৰে এই কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। তদুপৰি তেওঁ মৈত্রী আঁচনিৰ অধীনত মৰাণ আৰক্ষী থানা ভৱনৰ নিৰ্মাণৰো আজি শিলান্যাস কৰে। ২.১৫ কোটি টকা ব্যয়েৰে এই ভৱন নিৰ্মাণ কৰা হ’ব।
আজিৰ এই অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত বীজধন হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ ধনৰাশি হৈছে উদ্যমী মহিলাসকলৰ বাবে এক আৰম্ভণিহে। কিয়নো এই ধনৰ সঠিক ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলি জীৱনৰ বাটত বহুদূৰ আগবাঢ়ি যাব পাৰিব। ৰাজ্যত থকা ৪ লাখ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাক চৰকাৰে দীৰ্ঘদিন ধৰি সহায়-সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই গোটসমূহক ইতিমধ্যে ঘূর্ণীয়মান পুঁজি হিচাপে ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। চৰকাৰৰ পৰা লাভ কৰা এই পুঁজি আৰু পৰৱৰ্তী সময়ত বেংকৰ পৰা লাভ কৰা ঋণেৰে ৰাজ্যৰ বহু আত্মসহায়ক গোটে নিজৰ কাম-কাজ সূচাৰুৰূপে সম্পাদন কৰি সামগ্রিকভাৱে অসমৰ আত্মসহায়ক গোটৰ আন্দোলনটোক আগবঢ়াই নিবলৈ সক্ষম হৈছে। ৰাজ্যৰ এই আত্মসহায়ক গোটসমূহে বেংকসমূহৰ পৰা ১৪ হাজাৰ কোটি টকাৰ ঋণ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে গোটসমূহক সহায়-সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালকৈ গোটৰ সদস্যাসকলকো গাইগুটীয়াভাৱে সহায় কৰাৰ পদক্ষেপ গ্রহণ কৰিছিল। এই পদক্ষেপৰ আধাৰতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যাসকলক ১০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁ মন্তব্য কৰে যে ইয়াৰ বাবে প্রায় ৪ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব। বিগত লোকসভা নিৰ্বাচনৰ সময়ত এই অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰাৰ পিছত বিৰোধী পক্ষই এয়া ভোটকেন্দ্ৰিক প্ৰচাৰহে বুলি সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাই যদি স্বনিৰ্ভৰশীল ৰূপে নিজকে প্রতিষ্ঠা কৰিব পাৰে তেনেহ’লে ৰাজ্যৰ অৰ্থনীতিলৈ এক অভূতপূর্ব পৰিৱৰ্তন আহি পৰিব।
ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ৰাজ্যত গাহৰি মাংসৰ এখন বৃহৎ বজাৰ আছে যদিও অসমত স্থানীয়ভাবে মুঠ চাহিদাৰ ২০ শতাংশও গাহৰি মাংস উৎপাদন নহয়। যাৰ বাবে বৃহৎ সংখ্যক গাহৰি বহিঃৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। তেনেদৰে ৰাজ্যত দৈনিক প্রায় ৫০ লাখ কণীৰ চাহিদাৰ বিপৰীতে অসমত ১০ লাখ কণীও উৎপাদন নহয়। অনুৰূপ ধৰণে ব্ৰইলাৰ কুকুৰা আদিকে ধৰি বহু খাদ্য-সামগ্ৰী বহিঃৰাজ্যৰ পৰা বুজন পৰিমাণে আমদানি হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত দৈনিক মাত্র ৩ লাখ লিটাৰ গাখীৰ সমবায়ভিত্তিত উৎপাদন হোৱাৰ বিপৰীতে গুজৰাটত মহিলাসকলে দৈনিক ১ কোটি ৬০ লাখ লিটাৰ আৰু কৰ্ণাটকত ৮০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰি আহিছে। ইয়াৰ বাবদ বহু হাজাৰ কোটি টকা ৰাজ্যৰ বাহিৰলৈ ওলাই যায়। এইদৰে বহিঃগমন হোৱা ধন ৰাজ্যৰ ভিতৰতে থাকিলে থলুৱা অর্থনীতিলৈ যথেষ্ট পৰিৱৰ্তন আহিলেহেতেন। ড° শর্মাই কয় যে অসমৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাৰ প্ৰতিগৰাকীয়ে যদি হাঁহ-কুকুৰা পালনৰ জৰিয়তে দৈনিক মাত্র ১ টাকৈ কণী উৎপাদন কৰি বজাৰত বিক্ৰী কৰিব পাৰে তেন্তে ৪০ লাখ কণী এদিনতে বজাৰত উপলব্ধ হ’ব। তেওঁ মন্তব্য কৰে যে আত্মসহায়ক গোটৰ এই মহিলাসকলে যদি গাহৰি, হাঁহ, ব্ৰইলাৰ কুকুৰা, গো-পালন আদি কাৰ্যৰ সৈতে জড়িত হৈ পৰে, তেনেহ’লে ৰাজ্যৰ অৰ্থনীতি প্রতিটো দিনতে সবল হোৱাৰ দিশত অগ্ৰসৰ হ’ব। ধান আৰু সৰিয়হ ন্যূনতম সমৰ্থিত মূল্যত চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ ফলস্বৰূপে ৰাজ্যৰ কৃষকে যথেষ্ট সকাহ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া ৰাজ্যৰ আলু উৎপাদনকাৰীসকলেও এখন বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্রসংগক্রমে তেওঁ চৰকাৰে ডিব্ৰুগড় জিলাত দৈনিক ২-২.৫০ লাখ লিটাৰ সামৰ্থ্যৰ দুগ্ধ সংসাধন প্রকল্প স্থাপনৰ দিশত অগ্ৰসৰ হৈছে বুলি সদৰী কৰি কয়- ‘এতিয়া ৰাজ্যত কৃষকৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন বজাৰৰ সৃষ্টি হৈছে, য’ত চৰকাৰে বিভিন্ন ধৰণে কৃষক সমাজলৈ সহায়-সহযোগিতা আগবঢ়াইছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যালৈ ব্যক্তিগতভাবে সহায়-সহযোগিতা আগবঢ়াই তেওঁলোকক আমি একোগৰাকী উদ্যোগী মহিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্যই হৈছে লাখপতি বাইদেউ সৃষ্টি কৰা।’
টিংখাং সমষ্টিত ইতিমধ্যে কেইবাগৰাকীও মহিলাই নিজকে লাখপতি বাইদেউ হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি ভাষণত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। ইয়াৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে খোৱাং উন্নয়ন খণ্ডৰ বেজৰচুক বঙালী গাঁৱৰ দুৱৰি আত্মসহায়ক গোটৰ সদস্যা স্মিতা ফুকন গগৈয়ে আখল নামেৰে আচাৰৰ ব্ৰেণ্ড প্ৰস্তুত কৰি ব্যৱসায়ৰ জৰিয়তে এতিয়া মাহে প্রায় ২২ হাজাৰ টকাকৈ বছৰি ২.৬৪ লাখ টকা উপার্জন কৰে। তেনেদৰে টিংখাং উন্নয়ন খণ্ডৰ ২নং কেন্দুগুৰি গাঁৱৰ কৃষ্ণচূড়া আত্মসহায়ক গোটৰ সদস্যা ৰুমি দত্ত কলিতাই নিজৰ ১০ বিঘা ভূমিত ঋতুকালীন শাক-পাচলিৰ খেতি কৰি সেইসমূহ বিক্ৰীৰ জৰিয়তে মাহে প্রায় ২০ হাজাৰ টকাকৈ বছৰি ২.৪০ লাখ টকা আয় কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ৰাজ্যৰ আত্মসহায়ক গোটৰ আন আন মহিলাসকলেও নিজকে এইদৰে লাখপতি বাইদেউৰ শাৰীলৈ উত্তৰণ ঘটাব পাৰিব। মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে বৰ্তমানলৈকে প্রায় ১২ লাখ মহিলাই উদ্যমিতা পুঁজিৰ ধন লাভ কৰিছে। এই ধনৰাশি সদ্ব্যৱহাৰ কৰিবলৈ তেওঁ মহিলাসকলক আহ্বান জনাই কয় যে এই ধনৰাশিৰ উপযুক্ত ব্যৱহাৰ হ’লে উদ্যমী মহিলাসকলে পৰৱৰ্তী পৰ্যায়ত ২৫ আৰু ৫০ হাজাৰ টকাকৈ লাভ কৰিব।
মুখ্যমন্ত্রীয়ে কয় যে উদ্যমিতাৰ দিশে মহিলাসমাজক আগবঢ়াই নিয়াৰ সমান্তৰালকৈ চৰকাৰে আন বহুতো কল্যাণকামী পদক্ষেপ আৰু আঁচনি গ্রহণ কৰিছে। তেওঁ কয় যে টিংখাং সমষ্টিত অৰুণোদয় আঁচনিৰ জৰিয়তে ২৯,৬৯৫ গৰাকী মহিলাক সামৰি লোৱা হৈছে, তেনেদৰে ২০৩৪ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে আৰু ৫১,৬২৪ খন ৰেচন কাৰ্ডৰ জৰিয়তে সমষ্টিটোৰ প্ৰায় ১.৫০ লাখ লোকক বিনামূলীয়া চাউলৰ লগতে ১১৭ টকাতে এক কিলোগ্রামকৈ দাইল, চেনী আৰু নিমখ প্ৰদান কৰা হৈছে। তেওঁ কয়-‘আজি আমি অসমৰ জনজীৱনলৈ পৰিৱৰ্তন আনিছোঁ। দুখীয়া, মধ্যবিত্তৰ বাবে গ্রহণ কৰা আঁচনিৰ সমান্তৰালকৈ আমি অসমত উন্নয়ন আৰু পৰিৱৰ্তনৰ এক নতুন দিগন্ত ৰচনা কৰিছোঁ। বিগত পাঁচ বছৰত আমি অসম্ভৱপ্ৰায় বহু কাম এটা এটাকৈ সম্ভৱ কৰি তুলিছোঁ।’ প্রসংগক্রমে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ২০ আৰু ২১ ডিচেম্বৰত অসম ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে নামৰূপত স্থাপন হ’বলগীয়া এম ‘নিয়া-ইউৰিয়া প্রকল্পটোরে বহু কর্মসংস্থাপনৰ সৃষ্টি কৰিব।
প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমষ্টিটোত ইতিমধ্যে তিনিখনকৈ আদর্শ বিদ্যালয় স্থাপন কৰাৰ লগতে, অসম মালাৰ অধীনত মৰাণ টাউনৰ পৰা দিচাং কিনাৰ বঙালীলৈ মৰাণ-নাহৰকটীয়া পথ আৰু অসম মালা ২.০ ৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিগম পাঁচআলি হৈ বামুণবাৰীলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। তেনেদৰে চি আৰ আই এফৰ অধীনত মাহমৰা আলি পথ আৰু অঘুনীবাৰীৰ পৰা তেলপানী সংযোগী পথত আৰচিচি দলং নিৰ্মাণ কৰি থকা হৈছে। মৰাণত এটা বৃহৎ বজাৰ গৃহ ২৬ কোটি টকাৰে ব্যয়ৰে নিৰ্মাণ কৰা হ’ব বুলি অনুষ্ঠানত ঘোষণা কৰি তেওঁ লগতে কয় যে মৰাণ চহৰৰ মাষ্টাৰ প্লেন প্রস্তুত, নলা-নর্দমা আদি নিৰ্মাণৰ বাবেও চৰকাৰে পৰ্যায়ক্রমে ব্যৱস্থা গ্রহণ কৰিব। আজি উদ্বোধন হোৱা অভয়পুৰ গ্রাম্য ক্রীড়া প্রকল্পত চিনথেটিক ট্রেক স্থাপন, ফ্লাড লাইটৰ ব্যৱস্থা আদিও কৰা হ’ব বুলি তেওঁ কয়।
আজিৰ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু আৰু সংস্কৃতি আদি বিভাগৰ মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী যোগেন মহন, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰীকা, শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, ৰূপজ্যোতি কুৰ্মী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দৈউৰী, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল প্রমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ সমন্বিতে বিভাগীয় বিষয়াসকল আৰু আত্মসহায়ক গোটৰ উদ্যমী মহিলাসকল উপস্থিত থাকে।