তিনিদিনীয়া ভ্ৰমণসূচীৰে ১৩ ডিচেম্বৰত ভাৰতত উপস্থিত হৈছে তাৰকা ফুটবলাৰ মেছি। প্ৰথমে তেওঁ কলকাতাত উপস্থিত হৈ নিজৰেই প্ৰতিমূৰ্তি উন্মোচন কৰে। পাছত তেওঁ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উপস্থিত হয়। কিন্তু অতি সোনকালে তেওঁ ষ্টেডিয়াম ত্যাগ কৰে। যাৰ বাবে দৰ্শকে মেছিক চাবলৈ নাপালে। ইয়াকে লৈ ক্ষোভিত হৈ পৰে অনুৰাগী আৰু ভাঙি লণ্ড ভণ্ড কৰে ষ্টেডিয়াম। সকলোফালে চকী, বটল দলিয়াই পৰিস্থিতি উত্তপ্ত কৰি তোলে।