অখিল গগৈ কোন? এই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে, অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা, পিযুষ হাজৰিকাক শিৱসাগৰত নিৰ্বাচন খেলিবলৈ চেলেঞ্জ কৰিছে। তাৰ প্ৰত্যুত্তৰত শৰ্মাই অখিল গগৈ কোন বুলি প্ৰশ্ন কৰে। লগতে কয় যে, অখিল গগৈৰ বিধায়ক কেইজন আছে। উল্লেখ্য যে, সমাগত বিধানসভা নিৰ্বাচন। ইয়াক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰে।