শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোন দিছিল সেই দুটা অভিশাপ, যাৰ বাবে সাগৰত ডুব গৈছিল শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰী?

পৌৰাণিক কাহিনী অনুসৰি জৰাসন্ধৰ অত্যাচাৰৰ পৰা নিজৰ লোকক বচাবলৈ ভগৱান শ্ৰীকৃষ্ণই মথুৰা এৰি সাগৰৰ পাৰত এখন ঐশ্বৰিক নগৰ দ্বাৰকা প্ৰতিষ্ঠা কৰিছিল। বিশ্বাস কৰা হয় যে মহাভাৰত যুদ্ধৰ ৩৬ বছৰৰ পাছত দ্বাৰকা সাগৰত ডুব গৈছিল।

কোন দিছিল সেই দুটা অভিশাপ, যাৰ বাবে সাগৰত ডুব গৈছিল শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰী?
দ্বাৰকা নগৰৰ কাহিনী
trishna-kalita
Trishna Kalita | Published: 18 Dec 2025 14:14 PM

হিন্দু ধৰ্মৰ চাৰিটা প্ৰধান তীৰ্থস্থানৰ ভিতৰত দ্বাৰকা অন্যতম। দ্বাৰকাক ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ নগৰ হিচাপে জনা যায়। এই ঐশ্বৰিক নগৰখন আৰব সাগৰৰ উপকূলত, গুজৰাটৰ কাঠিয়াৱাৰ অঞ্চলত অৱস্থিত। কোৱা হয় যে দ্বাৰকা সাগৰত ডুব গৈছিল। কেইবাটাও প্ৰাচীন কাহিনীত ইয়াৰ সাগৰত ডুব যোৱাৰ ব্যাখ্যা দিয়া হৈছে। দুটা অভিশাপৰ বাবেই দ্বাৰকা সাগৰত ডুব যোৱাৰ কাৰণ বুলি কোৱা হয়। এই দুটা অভিশাপ কি আছিল আৰু কোনে দিছিল জানো আহক?

পৌৰাণিক কাহিনী অনুসৰি জৰাসন্ধৰ অত্যাচাৰৰ পৰা নিজৰ লোকক বচাবলৈ ভগৱান শ্ৰীকৃষ্ণই মথুৰা এৰি সাগৰৰ পাৰত এখন ঐশ্বৰিক নগৰ দ্বাৰকা প্ৰতিষ্ঠা কৰিছিল। বিশ্বাস কৰা হয় যে মহাভাৰত যুদ্ধৰ ৩৬ বছৰৰ পাছত দ্বাৰকা সাগৰত ডুব গৈছিল। মহাভাৰত যুদ্ধত পাণ্ডৱৰ বিজয় আৰু কৌৰৱৰ ধ্বংসৰ পিছত মাতৃ গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল।

গান্ধৰীয়ে ভগৱান শ্ৰীকৃষ্ণক এই অভিশাপ দিছিল

মহাভাৰত যুদ্ধৰ বাবে মাতৃ গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক জগৰীয়া কৰিছিল। তেওঁ কৃষ্ণক অভিশাপ দি ক’লে, “যদি মই ভগৱান শিৱক সত্য ভক্তি আৰু বিশ্বাসেৰে পূজা কৰি মোৰ পতিব্ৰত ধৰ্ম পালন কৰিছো, তেন্তে মোৰ বংশ যেনেকৈ ধ্বংস হৈছে, আপোনাৰ চকুৰ সন্মুখত আপোনাৰ বংশও ধ্বংস হ’ব।” গান্ধাৰীৰ এই অভিশাপৰ ফলত যদু বংশৰ ধ্বংস আৰু ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ সাগৰত ডুব যোৱা বুলি বিশ্বাস কৰা হয়।

আন এক অভিশাপ দ্বাৰকাৰ সাগৰত ডুব যোৱাৰ কাৰণ বুলি কোৱা হয়। এসময়ত মহৰ্ষি বিশ্বমিত্ৰ, দেৱঋষি নাৰদ, ঋষি কানৱ দ্বাৰকা নগৰ ভ্ৰমণ কৰিছিল। তাত যদু বংশৰ কিছুমান ল’ৰাই ঋষিসকলক অপমান কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ সাম্বক নাৰীৰূপে সাজ-পোছাক পিন্ধাই ঋষিসকলৰ ওচৰলৈ লৈ আহিছিল। ল’ৰাবোৰে ঋষিসকলক ক’লে যে মহিলাগৰাকী গৰ্ভৱতী। তেওঁলোকে ঋষিসকলক ভ্ৰুণটো ল’ৰা নে ছোৱালী সেইটো নিৰ্ণয় কৰিবলৈ ঐশ্বৰিক দৃষ্টিৰ ব্যৱহাৰ কৰিবলৈ ক’লে। ঋষিসকলে যেতিয়া বুজি পালে যে তেওঁলোকক উপহাস কৰা হৈছে, তেতিয়া তেওঁলোক ক্ষুব্ধ হৈ পৰিল।

ঋষিসকলেও দ্বাৰকা ধ্বংসৰ অভিশাপ দিছিল

ঋষিসকলে সাম্বক অভিশাপ দিলে যে, তেওঁৰ গৰ্ভৰ পৰা এটা ডাঙৰ লোহাৰ গদা ওলাই আহিব। সেই গদাই হ’ব সমগ্ৰ যদু বংশৰ ধ্বংসৰ কাৰণ। ঋষিসকলৰ অভিশাপ অনুযায়ী সাম্বাৰ গৰ্ভৰ পৰা এটা গদা ওলাই আহিল। সেই গদাৰ বাবেই যদু বংশই নিজৰ মাজতে যুদ্ধ কৰিবলৈ ধৰিলে। লাহে লাহে সমগ্ৰ যদু বংশটো নিঃশেষ হৈ গ’ল। ভগৱান শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামৰো মৃত্যু হয়।

ভগৱান কৃষ্ণক গছৰ তলত জিৰণি লৈ থকা অৱস্থাত এজন চিকাৰীয়ে তেওঁক হৰিণ বুলি ভুল কৰি শৰ মাৰি হত্যা কৰে। তাৰ পিছত কৃষ্ণই লীলা সমাপ্ত কৰি নিজৰ ঐশ্বৰিক বাসস্থানলৈ উভতি যায়। পাণ্ডৱসকলে যেতিয়া দ্বাৰকাৰ ধ্বংসৰ খবৰ পাই অৰ্জুন দ্বাৰকাত উপস্থিত হৈ কৃষ্ণৰ বাকী থকা পৰিয়ালৰ সদস্যসকলক লগত ইন্দ্ৰপ্ৰস্থলৈ লৈ আহে। দ্বাৰকা এৰি যোৱাৰ লগে লগে সমগ্ৰ দ্বাৰকা নগৰখন সাগৰত ডুব যায়।

লগতে পঢ়ক: শনিৰ শুভ প্ৰভাৱ, ২০২৬ত এই ৪ ৰাশিৰ লোকে লাভ কৰিব সফলতা, দূৰ হ’ব আৰ্থিক সমস্যা!

(অস্বীকাৰ: এই  তথ্যসমূহ বিশ্বাস আৰু পৌৰাণিক তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত নকৰে।)