শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হোজাইৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পৰা ভাৰত-পাকৰ উত্তেজনালৈ, চাওক গুৰুত্বপূৰ্ণ খবৰ

Top 9 news: পাকিস্তান চৰকাৰৰ তথ্য অনুসৰি এই পৰ্যন্ত ২৫টা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ইয়াৰে ৩ টা বৃহৎ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত ।

হোজাইৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পৰা ভাৰত-পাকৰ উত্তেজনালৈ, চাওক গুৰুত্বপূৰ্ণ খবৰ
নৰেন্দ্ৰ মোদীImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 08 May 2025 17:55 PM

আজিৰ দিনটোৰ শীৰ্ষ কেইটামান খবৰ তলত উল্লেখ কৰা হ’ল-

 

  1. আধুনিকীকৰণ হ’ব ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী। নতুন ৰূপেৰে সমৃদ্ধ হ’ব দীঘলীপুখুৰীৰ পৰিৱেশ। দীঘলীপুখুৰীৰ পানী পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত অসম পৰ্যটন বিভাগৰ বিশেষ পদক্ষেপ। অসম পৰ্যটন বিভাগৰ পৰিচালন সচিব পদ্মপাণি বৰাই  সংবাদমেল সম্বোধন কৰি এই বিষয়ে কয়।
  2. হোজাইত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি৷ লোকেশ দাস নামৰ এজন লোকক হত্যা দুৰ্বৃত্তৰ৷ ভগ্নীয়ে নিৰ্বাচন খেলাই কাল হ’ল লোকেশ দাসৰ৷ জনৈক বিদ্যাসাগৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
  3. অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা।  অপাৰেশ্যন সেন্দূৰৰ পাছতে পাকিস্তানে LOC ত অহৰহ গুলীচালনা চলাই গৈছে। পাকিস্তানৰ আক্ৰমণত ১৬জন নিৰীহ ভাৰতীয়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, লগতে আহত হৈছে ৫৭ জনৰো অধিক । অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দি গৈছে।
  4. পাকিস্তানত ভাৰতৰ ড্ৰন আক্ৰমণ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতীয় বায়ুসেনাই আজি পুৱা পাকিস্তানৰ একাধিক বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰে। ৭-৮ মে’ৰ নিশা পাকিস্তানে ভাৰতৰ উত্তৰ আৰু পশ্চিম সামৰিক ঘাটিত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰে। এই আক্ৰমণত লাহোৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।
  5. সকলো ৰাজ্যলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ জাননী। দেশ বিৰোধী প্ৰচাৰ চলোৱা সামাজিক মাধ্যম ব্লক কৰাৰ নিৰ্দেশ। লগতে দেশবিৰোধী কাৰ্যত জড়িত থকাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰিছে।
  6. অৱসৰৰ কথা ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। টিম ইণ্ডিয়াৰ কিংবদন্তি অ’পেনাৰ তথা দুটা ফৰ্মেটৰ অধিনায়ক ৰোহিতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। হিটমেন নামেৰে পৰিচিত ৰোহিতে যোৱা ৭ মে’ বুধবাৰে এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে লং ফৰ্মেট ক্ৰিকেটৰ পৰা বিদায় লয় ।
  7. তেলেংগানাৰ মুলুগু জিলাত মাওবাদীৰ আক্ৰমণ। আই ই ডি বিস্ফোৰণৰ ফলত ৩ জন আৰক্ষী শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বাৰুদভৰ্তি সুৰংগ বিস্ফোৰণেৰে আৰক্ষীক আক্ৰমণ কৰিছিল মাওবাদীয়ে। ছত্তীশগড়ৰ সুকমা সীমান্তৰ সমীপত সংঘটিত এই ঘটনা।
  8. অপাৰেশ্যন সেন্দূৰৰ পিছত আন এক বৃহৎ সফলতা লাভ কৰিছে ভাৰতে। কান্দাহাৰ IC-814 হাইজেকিঙৰ মাষ্টাৰমাইণ্ড ৰাউফ আজহাৰ আক্ৰমণত নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। বুধবাৰে অপাৰেশ্যন সেন্দূৰত নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনাৰ নেতৃত্ব দিয়া দেখা গৈছিল ৰাউফ আজহাৰক।
  9. ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে আমেৰিকাই পাকিস্তানত বসবাস কৰা নাগৰিকসকলৰ বাবে নিৰাপত্তা সতৰ্কবাণী জাৰি কৰিছে। বিশেষকৈ লাহোৰত বাস কৰা আমেৰিকাৰ নাগৰিকসকলক অঞ্চলটো এৰি যাবলৈ বা নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ।

 

অন্য খবৰ পঢ়কঃ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! ২৫ টাকৈ স্থানত ভাৰতৰ ড্ৰ’ন আক্ৰমণ, অথ’লে গ’ল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা…