শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভূগৰ্ভত আছে দেশৰ সমৃদ্ধিৰ ভঁৰাল, উদ্ধাৰ হৈছে বৃহৎ স্বৰ্ণ ভাণ্ডাৰ

ভূগৰ্ভত আছে দেশৰ সমৃদ্ধিৰ ভঁৰাল, উদ্ধাৰ হৈছে বৃহৎ স্বৰ্ণ ভাণ্ডাৰ

monjit-dutta
Monjit Dutta | Published: 23 Aug 2025 22:33 PM

বিগত বৰ্ষত ভাৰতে আমদানি কৰা সোণৰ পৰিমাণ আছিল ৭০০ৰ পৰা ৮০০ মেট্ৰিক টন। বিদেশৰ পৰা এই বৃহৎ পৰিমাণৰ সোণৰ আমদানিৰ সময়তে দেশৰ বাবে আহিছে এক সুখবৰ।

দেশ এখন অৰ্থনীতিৰ ক্ষেত্ৰত সোণৰ যথেষ্ট গুৰুত্ব আছে। প্ৰতিখন দেশেই ভৱিষ্যতে হ’ব পৰা সম্ভাৱ্য সংকটৰ সময়ত দেশৰ অৰ্থনীতি ধৰি ৰাখিব পৰাকৈ ৰাজভঁৰালত যথাসাধ্য সোণ মজুত ৰাখে। ইফালে সামাজিক দিশত সোণৰ গুৰুত্বৰ কথা বহলাই নক’লেও হ’ব। দেশত সোণৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ আন দেশৰ পৰা সোণ আমদানি কৰে। বিগত বৰ্ষত ভাৰতে আমদানি কৰা সোণৰ পৰিমাণ আছিল ৭০০ৰ পৰা ৮০০ মেট্ৰিক টন। বিদেশৰ পৰা এই বৃহৎ পৰিমাণৰ সোণৰ আমদানিৰ সময়তে দেশৰ বাবে আহিছে এক সুখবৰ।

প্ৰকাশিত খবৰ মতে, দেশৰ এখন ৰাজ্যত এতিয়া সোণৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰ হৈছেভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে ওড়িশাৰ কেইবাটাও স্থানত সোণৰ খনি উদ্ধাৰ কৰা বুলি নিশ্চিত কৰিছে। লগতে আন কেইবাটাও স্থানত সোণৰ খনিৰ সন্ধান অব্যাহত ৰখা হৈছে। এতিয়ালৈকে এই খনিসমূহত মজুত থকা সোণৰ পৰিমাণ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই যদিও বিশেষজ্ঞসকলে ১০ৰ পৰা ২০ মেট্ৰিক টন সোণ এই স্থানসমূহত মজুত থাকিব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে।