পলকতে পঢ়ক আজি দিনটোৰ শীৰ্ষ খবৰসমূহ…
আজি ১৫ আগষ্ট। দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। বহু গুৰুত্বপূৰ্ণ খবৰে আজি দিনটোৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

প্ৰধানমন্ত্ৰী মোদী
আজি দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। এই লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে আজি দিনটোৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে প্ৰধানমন্ত্ৰীয় নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা।
- শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা একেৰাহে ১২ সংখ্যক বাৰ ভাষণ দি ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰে। একেৰাহে ১৭বাৰ স্বাধীনতা দিৱসৰ ভাষণ দিয়া জৱাহৰলাল নেহৰুৰ পিছতেই এতিয়া দ্বিতীয় স্থানত আছে নৰেন্দ্ৰ মোদী। প্ৰথম স্থানত একেৰাহে ১৭বাৰ স্বাধীনতা দিৱসৰ ভাষণ দিয়া জৱাহৰলাল নেহৰু।
- লালকিল্লাৰ পৰা আৰ এছ এছৰ প্ৰশংসা কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ। আৰ এছ এছক প্ৰশংসা কৰাটো স্বাধীনতা সংগ্ৰামক অপমান বুলি অভিহিত ওৱেইছিৰ। তেওঁ কয়, চীন ভাৰতৰ আটাইতকৈ ডাঙৰ ভাবুকি। তাতোকৈ ডাঙৰ ভাবুকি সংঘ পৰিয়ালে বিয়পোৱা ঘৃণা আৰু বিভাজন।
- সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ ফলস্বৰূপে বৰ্তমান অসমীয়া জাতি নিঠৰুৱা হোৱাৰ উপক্ৰম হৈছে। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণত এই কথা উল্লেখ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ। নামনি অসম আৰু মধ্য অসম পাছত এতিয়া এই সন্দেহযুক্ত লোকসকলে উজনি আৰু উত্তৰ অসমতো আগ্ৰাসনৰ চেষ্টা চলাইছে । এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
- আজি স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণত অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ। এই শক্তিশালী ডেমগ্ৰাফিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ। তেওঁ কয়,অবৈধ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে সলনি হৈছে দেশৰ জনগাঁথনি !কোনো জাতিয়ে অনুপ্ৰৱেশকাৰীক সহ্য কৰিব নোৱাৰে।
- ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত “মিছন সুদৰ্শন চক্ৰ” প্ৰকল্পৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “আমি ভগৱান কৃষ্ণৰ সুদৰ্শন চক্ৰৰ পথ বাছি লৈছো। ভাৰতে আৰম্ভ কৰিছে ‘মিছন সুদৰ্শন চক্ৰ ’। ই এক শক্তিশালী অস্ত্ৰ ব্যৱস্থা যিয়ে শত্ৰুৰ আক্ৰমণ নিষ্ক্ৰিয় কৰাই নহয়, প্ৰতিশোধমূলক আক্ৰমণ কৰিব।”
- ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ। পাকিস্তানক সকীয়নি দি মোদীয়ে কয় যে, আমি পাৰমাণৱিক ব্লেকমেইলক ভয় নকৰো। সিন্ধু জল চুক্তি স্থগিত কৰি আমি দেখুৱাই দিছো যে তেজ আৰু পানী একেলগে ব’ব নোৱাৰে।
- উদ্যোগীকৰণকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয়, চৰকাৰৰ দ্ৰুত উদ্যোগীকৰণৰ লক্ষ্য আদানী, আম্বানী বা টাটাৰ দৰে কৰ্পৰেট গোষ্ঠীক লাভান্বিত কৰা নহয়। বৰঞ্চ অসমৰ ভিতৰতে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে চাকৰি আৰু সুযোগৰ সৃষ্টি কৰাহে চৰকাৰৰ লক্ষ্য।
- জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত প্ৰকৃতিৰ তাণ্ডৱ। খবৰ অনুসৰি, বৃহস্পতিবাৰে হোৱা ডাৱৰ বিস্ফোৰণ দুজন জোৱানকে ধৰি প্ৰায় ৪৫জন লোকৰ মৃত্যু হয়। ইয়াৰোপৰি সন্ধানহীন ২০০ জনতকৈ অধিক লোক। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সূত্ৰই প্ৰকাশ কৰিছে।