শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভয়ংকৰ ডাৱৰ বিস্ফোৰণত বিভীষিকাময় পৰিৱেশ কিষ্টোৱাৰত, কমেও ৬০ জনৰ মৃত্যু...

ভয়ংকৰ ডাৱৰ বিস্ফোৰণত বিভীষিকাময় পৰিৱেশ কিষ্টোৱাৰত, কমেও ৬০ জনৰ মৃত্যু…

barasha-sarma
Barasha Sarma | Published: 15 Aug 2025 14:24 PM

জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত প্ৰকৃতিৰ ধ্বংসলীলা। বৰ্তমানলৈকে ৬০ জনৰ মৃত্যু হোৱাৰ লগতে কেইবাজন আহত হয়। ইয়াৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে বহুতো।

জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত প্ৰকৃতিৰ তাণ্ডৱ। বৃহস্পতিহাৰে দুপৰীয়া ১২.৩০ বজাত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত বৰ্তমানলৈকে প্ৰায় ৬০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহত হয়। ইয়াৰ বিপৰীতে সন্ধানহীন হৈ আছে বহুতো। এতিয়াও ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে।

জানিব পৰা মতে,  মচৈলা মাতা মন্দিৰলৈ যোৱাৰ পথত চাশোটি গাঁৱত এই ডাৱৰ বিস্ফোৰণ হয়। এই স্থানতে ভক্তৰ বাবে লাংগাৰৰ ব্যৱস্থা কৰা হৈছিল। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে দোকান, ঘৰ আদি সকলো উটুৱাই লৈ যায়। কিষ্টোৱাৰ চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত আছে এই গাঁওখন। এই ঘটনাই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক ব্যক্ত কৰিছে।