79th Independence Day: অনুপ্ৰৱেশকাৰীৰ জৰিয়তে সলনি হৈছে দেশৰ জনগাঁথনি, চলিব বিশেষ অভিযান ! লালকিল্লাত ঘোষণা প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে কয়, আজি মই দেশক এটা উদ্বেগ, এটা প্ৰত্যাহ্বানৰ বিষয়ে সতৰ্ক কৰি দিব বিচাৰিছো। সুচিন্তিত ষড়যন্ত্ৰৰ অধীনত দেশৰ জনগাঁথনি সলনি কৰা হৈছে। নতুন সংকটৰ বীজ সিঁচিছে।

অবৈধ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে সলনি হৈছে দেশৰ জনগাঁথনি ! ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত এই কথা উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে,কোনো জাতিয়ে অনুপ্ৰৱেশকাৰীক সহ্য কৰিব নোৱাৰে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ উচ্চ শক্তিসম্পন্ন ডেমগ্ৰাফিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।
ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত মোদীয়ে অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে দেশৰ জনগাঁথনি সলনি কৰাৰ বাবে পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ বিষয়ে সকীয়াই দিয়ে আৰু কয় যে, দেশৰ পূৰ্বপুৰুষসকলে কৰা ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিছিল। গতিকে আজিৰ নাগৰিকে এইধৰণৰ কাৰ্যকলাপ কেতিয়াও গ্ৰহণ কৰিব নালাগে।
তেওঁ কয়,”আজি মই দেশক এটা উদ্বেগ, এটা প্ৰত্যাহ্বানৰ বিষয়ে সতৰ্ক কৰি দিব বিচাৰিছো। সুচিন্তিত ষড়যন্ত্ৰৰ অধীনত দেশৰ জনগাঁথনি সলনি কৰা হৈছে। নতুন সংকটৰ বীজ সিঁচিছে। অবৈধ অপ্ৰৱেশকাৰীসকলে মোৰ দেশৰ যুৱক-যুৱতীসকলৰ জীৱিকা কাঢ়ি লৈছে, এই অপ্ৰৱেশকাৰীসকলে আমাৰ দেশৰ ভগ্নী-কন্যাক লক্ষ্য কৰি লৈছে, এইটো সহ্য কৰা নহ’ব। লগতে তেওঁলোকে নিৰীহ জনজাতিসকলৰ মাটি দখল কৰি আছে। এই কাৰ্য দেশখনে কেতিয়াও নকৰে।” এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ চৰকাৰে এই সংকটৰ মোকাবিলা কৰিবলৈ এক উচ্চ শক্তিসম্পন্ন ডেমগ্ৰাফিক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।
“আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা ক’ব বিচাৰিছো যে আমি উচ্চ শক্তিসম্পন্ন ডেমগ্ৰাফিক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো। ভাৰতৰ ওপৰত আহি থকা ভয়াৱহ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ এই অভিযানে নিশ্চিতভাৱে নিৰ্দিষ্ট সময়সীমাত সুচিন্তিতভাৱে নিজৰ কাম কৰিব আৰু আমি সেই দিশত আগবাঢ়িছো।” বিশেষকৈ সীমান্ত অঞ্চলত যেতিয়া জনগাঁথনিগত পৰিৱৰ্তন ঘটে তেতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সংকটৰ সৃষ্টি কৰে বুলি সকীয়াই দিয়ে মোদীয়ে।
মোদীয়ে কয় যে,”ই আমাৰ ঐক্য, অখণ্ডতা আৰু প্ৰগতিৰ বাবেও সংকটৰ সৃষ্টি কৰে। ই সামাজিক উত্তেজনাৰ বীজ সিঁচিছে। বিশ্বৰ কোনো জাতিয়ে নিজৰ দেশক ‘অনুপ্ৰৱেশকাৰী’ক গতাই দিব নোৱাৰে। তেনে ক্ষেত্ৰত আমি তেওঁলোকৰ হাতত ভাৰত কেনেকৈ গতাই দিম।”
তেওঁ লগতে কয়, “আমাৰ পূৰ্বপুৰুষসকলে কৰা ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিছিল। তেওঁলোকে আমাক স্বাধীন ভাৰত দিছিল আৰু আমি এনে কাৰ্যকলাপ গ্ৰহণ নকৰাটো আমাৰ কৰ্তব্য। এয়া তেওঁলোকৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধা হ’ব।”
উল্লেখ্য যে, ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে অনুপ্ৰৱেশকাৰী বিষয়টোৱে সৰ্বাধিক গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে। যোৱা কেই সপ্তাহত অসমত পুনৰবাৰ অবৈধ অনুপ্ৰৱেশকাৰী সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে। সন্দেহজনক নাগৰিকৰ বেদখল সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰি আহিছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে পুনৰ এই বিষয়টোৰ ওপৰত কৰা এই মন্তব্যই তাৎপৰ্য বহন কৰিছে।