শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰীৰ ভাষণত ‘ভূমি জেহাদ’ প্ৰসঙ্গঃ ক’লে, আমি নীৰৱে নাথাকোঁ…

ভাষণ আৰম্ভ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ স্মৰণ কৰে। এই দুইগৰাকী ব্যক্তি অধিষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ সুযোগ লাভ কৰি গৌৰৱান্বিত হোৱা বুলি তেওঁ লগতে কয়।

মুখ্যমন্ত্ৰীৰ ভাষণত ‘ভূমি জেহাদ’ প্ৰসঙ্গঃ ক’লে, আমি নীৰৱে নাথাকোঁ…
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 15 Aug 2025 15:44 PM

আজি খানাপাৰাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপৰ খতিয়ান দাঙি ধৰে। ভাষণত তেওঁ লগতে ভূমি বেদখল আৰু উচ্ছেদ সন্দৰ্ভতো পুনৰ এবাৰ স্থিতি স্পষ্টি কৰি দিয়ে। ৰাজ্যত সম্প্ৰতি এচামে ভূমি জেহাদ চলাই থকা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাজ্যৰ খিলঞ্জীয়া লোক আৰু তেওঁলোকৰ পৰিচয়ৰ বাবে যুঁজ দি যাম বুলিও হুংকাৰ দিয়ে।

ভাষণ আৰম্ভ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ স্মৰণ কৰে। এই দুইগৰাকী ব্যক্তি অধিষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ সুযোগ লাভ কৰি গৌৰৱান্বিত হোৱা বুলি তেওঁ লগতে কয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ ফলস্বৰূপে বৰ্তমান অসমীয়া জাতি নিঠৰুৱা হোৱাৰ উপক্ৰম হৈছে বুলি উল্লেখ কৰে। নামনি অসম আৰু মধ্য অসম আগ্ৰাসনৰ সম্পূৰ্ণ চিকাৰ হোৱাৰ পিছত এতিয়া এই সন্দেহযুক্ত লোকসকলে উজনি আৰু উত্তৰ অসমতো আগ্ৰাসনৰ চেষ্টা চলাইছে বুলি তেওঁ লগতে কয়।

চৰকাৰে জাতি-মাটি-ভেটিৰ প্ৰতি লক্ষ্য ৰাখি জাতিৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এক বৃহৎ যুদ্ধ আৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে যোৱা সময়ছোৱাত চৰকাৰে ১ লাখ ২০ হাজাৰ বিঘা মাটি বেদখলমুক্ত কৰা বুলি সদৰী কৰে। অসমৰ প্ৰতিটুকুৰা বনভূমি, গ্ৰেজিং লেণ্ড, জনজাতীয় অঞ্চল আৰু চৰকাৰী ভূমিৰ পৰা এই অচিনাকী লোকসকলক উচ্ছেদ কৰা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

এই প্ৰসঙ্গতে তেওঁ ভূমি জেহাদ আৰু লাভ জেহাদে ৰাজ্যবাসীক আমনি কৰিছে বুলি মন্তব্য কৰে। চৰকাৰে বিশাল উচ্ছেদ অভিযান চলাই অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক পুনৰ এবাৰ প্ৰকাশ ঘটোৱা বুলি মন্তব্য কৰি তেওঁ লগতে প্ৰতিটুকুৰা মাটি বেদখলমুক্ত নকৰালৈকে ক্ষান্ত নহয় বুলিও হুংকাৰ দিয়ে। অসমীয়া জাতিক সকলো দিশৰ পৰা সুৰক্ষিত কৰিবলৈ চৰকাৰে চেষ্টা চলোৱা বুলি তেওঁ কয়।

সমষ্টি পুনৰ নিৰ্ধাৰণে কেইবা দশকলৈ খিলঞ্জীয়াক সুৰক্ষিত কৰি ৰাখিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। ইফালে সত্ৰভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে অসম সত্ৰ আয়োগ গঠনৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ লগতে সকলো লোককে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত অচিনাকী লোকক বিক্ৰী নকৰিবলৈ আহ্বান জনায়।

মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা বুলিও তেওঁ মন্তব্য কৰে। অসমৰ জাতিসত্বা সম্প্ৰতি সংকটৰ মাজেৰে আগবাঢ়িছে বুলি মন্তব্য কৰি তেওঁ লগতে অচিনাকী লোকসকলে খিলঞ্জীয়া যুৱতীসকলক প্ৰলোভিত কৰি ধৰ্মান্তকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰিছে বুলি উল্লেখ কৰে।

এই অচিনাকী লোকসকলে অসমৰ ৰাজনৈতিক শক্তি দখল কৰিবলৈ আগবাঢ়িছে আৰু অৰ্থনৈতিক শক্তি দখল কৰিছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। এনে পৰিস্থিতিত এতিয়া নীৰৱে থাকিলে অসমে ভৱিষ্যতে জাতি-মাটি-ভেটি হেৰুৱাব বুলিও তেওঁ দোহাৰে আৰু সেয়ে অসম এতিয়া নীৰৱে থাকিব নোৱাৰে বুলিও কয়।

এতিয়া যদি নীৰৱে থাকে, তেতিয়া ১০ বছৰৰ ভিতৰত অসমে জাতি-মাটি-ভেটি হেৰুৱাব বুলি সাৱধানবাণী শুনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ কোনো লোকেই এনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ ইচ্ছুক নহয় বুলি আশা প্ৰকাশ কৰি তেওঁ লগতে ৰাজ্যৰ এটুকুৰা মাটিও বেদখল হ’লেও জিলাৰ আয়ুক্ত তথা প্ৰশাসনীয় বিষয়াসকলৰ ওপৰত চৰকাৰে ব্যৱস্থা ল’ব বুলি স্পষ্ট কৰি দিয়ে।