এনে উপায়েৰে জানিব পাৰিব তিয়ঁহ তিতা হ’ব নে নহয়

15 Aug 2025

TV9 ASSAM

দেহৰ বাবে এক অত্যন্ত উপকাৰী পাচলি তিয়ঁহ। ইয়াৰ বহু গুণ আছে। পিছে কেতিয়াবা তিয়ঁহৰ সোৱাদ তিতা হোৱা দেখা যায়।

তিয়ঁহ

বজাৰৰ পৰা তিয়ঁহ ক্ৰয় কৰাৰ সময়ত সেয়ে সাৱধান হোৱা উচিত। তেতিয়া তিতা তিয়ঁহ ক্ৰয়ৰ পৰা বাচিব পাৰিব, লগতে টকাও অপচয় নহ’ব।

চিনাৰ উপায়

কিউকাৰবিটাচিন নামৰ যৌগ এটাৰ বাবে তিয়ঁহৰ সোৱাদ তিতা হয়। তিয়ঁহৰ গুৰিটো কাটি ঘঁহি দিলে বগা ফেনৰ দৰে গঠন হয়। সেয়া কাটি আঁতৰাই দিলে তিতা সোৱাদ নাপাব।

তিতা কিয়?

তিয়ঁহৰ সেউজীয়া বা হালধীয়া ৰং চাই ক্ৰয় কৰিব লাগে। এই ৰঙৰ তিয়ঁহ ক্ৰয় কৰিলে তিতা সোৱাদৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা থাকে।

তিয়ঁহৰ ৰং

বহু সময়ত তিয়ঁহৰ ওজন চাই তিতা নে নহয় সেই বিষয়ে জানিব পাৰি। যিবোৰ তিয়ঁহ গধুৰ হয়, সেইবোৰ তিয়ঁহ তিতা হোৱাৰ সম্ভাৱনা বেছি।

ওজন

বজাৰৰ পৰা তিয়ঁহ ক্ৰয় কৰোঁতে ভালদৰে চাব লাগে। তিয়ঁহবোৰ যাতে বেঁকা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পোন পোন আৰু পাতল তিয়ঁহ ক্ৰয় কৰা উচিত।

বেঁকা তিয়ঁহ

গাত কাঁইট থকা তিয়ঁহ পৰাপক্ষত ক্ৰয় নকৰিলে ভাল। এনে তিয়ঁহৰ সোৱাদ তিতা হোৱাৰ সম্ভাৱনা বেছি।

কাঁইট

পানীৰে ভৰপূৰ তিয়ঁহত কেলৰি কম থাকে। ই ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্টৰ উত্তম উৎস। লগতে ভিটামিন চি, ভিটামিন কে, মেগনেছিয়াম, পটাছিয়াম পোৱা যায়।

তিয়ঁহৰ পুষ্টি

পঢ়িবলৈ ক্লিক কৰক 

আমলখি খালে কি কি উপকাৰ হয়?