বিটিচি নিৰ্বাচনঃ বিজেপিৰ সৈতে নহ’ল, বিপিএফৰ বাবে মিত্ৰতাৰ দুৱাৰ খুলি ৰাখিছে ইউপিপিএলে!
যদি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিনাচৰ্তে মিত্ৰতাৰ বাবে আগবাঢ়ি আহে, তেতিয়া এই বিষয়ত নিশ্চিতভাৱে আলোচনা হ’ব বুলি উৰ্খাও গৌৰা ব্ৰহ্মই মন্তব্য কৰে।

কাষ চাপি আহিছে বিটিচি নিৰ্বাচনৰ দিন। নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিচিত বৃদ্ধি পাইছে ৰাজনৈতিক সমীকৰণ। এইবাৰ নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ পিছতে অধিক আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি স্পষ্ট কৰি দিছে। ৰাজ্যত ইউপিপিএলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো বিটিআৰত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে স্থিতি স্পষ্ট কৰাৰ পিছতে ইউপিপিএলৰ নেতা তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। বিটিচি নিৰ্বাচনত মিত্ৰতা নহ’লেও ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি তেওঁ কয়। তাৰ সমান্তৰালকৈ তেওঁ বিপিএফৰ সৈতে মিত্ৰতাৰ বাবে সাজু থকাৰো এক ইংগিত প্ৰদান কৰে।
উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত বিটিআৰত বিজেপিৰ উত্থানত ইউপিপিএল মুঠেও শংকিত নহয় বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজেপিয়ে বিটিচিৰ ক্ষমতা দখল নকৰে বুলি বাৰে বাৰে কৈ আহিছে বুলি উৰ্খাও গৌৰা ব্ৰহ্মই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়।
ইফালে এই নিৰ্বাচনত কংগ্ৰেছ কোনো ধৰণেই ‘ফেক্টৰ’ নহয় বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই লগতে অকলে নিৰ্বাচন খেলিলে বিপিএফ দলো ইউপিপিএলৰ বাবে কোনো ‘ফেক্টৰ’ নহয় বুলি দোহাৰে। তেওঁ লগতে কয় যে বৰ্তমান কংগ্ৰেছ, বিজেপি, বিপিএফ সকলো দল এফালে আৰু ইউপিপিএল অকলেই এফালে অৱস্থান কৰিছে। কিন্তু তাৰ পিছতো বিপিএফৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা থকা বুলি তেওঁ ইঙ্গিত দিয়ে।
তেওঁ কয় যে এবছুৰ সভাপতি দ্বিপেন বড়োৱে জাতীৰ আবেগ তথা জাতীয় স্বাৰ্থত তেওঁলোক একত্ৰিত হোৱাটো বিচাৰিছে। যদি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিনাচৰ্তে মিত্ৰতাৰ বাবে আগবাঢ়ি আহে, তেতিয়া এই বিষয়ত নিশ্চিতভাৱে আলোচনা হ’ব বুলি উৰ্খাও গৌৰা ব্ৰহ্মই মন্তব্য কৰে।
উল্লেখ্য যে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ উপলক্ষে বাক্সাৰ গোলাগাওত বিটিচি চৰকাৰৰ উদ্যোগত প্ৰশিক্ষণ আৰু সজাগতা সভাত অংশগ্ৰহণ কৰিছিল কেবিনেট মন্ত্ৰীগৰাকীয়ে। বহনক্ষম উন্নয়নৰ বাবে সমবায়সমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ শিবিৰ আৰু সজাগতামূলক সভা আয়োজন কৰা হৈছিল।