গোৱালপাৰাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, চৰকাৰলৈ জাননী প্ৰেৰণ…
উচ্চতম ন্যায়ালয়ে যোৱা ২৪ জুলাইত গোৱালপাৰা জিলাত চলোৱা উচ্ছেদ অভিযানৰ সময়ত অসম চৰকাৰৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত অৱমাননামূলক গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনক লৈ গঠিত বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত অসমৰ মুখ্য সচিবকে ধৰি আন লোকক ইয়াৰ উত্তৰ বিচাৰি জাননী জাৰি কৰে।

গোৱালপাৰাত উচ্ছেদ চলাই বিপদত পৰিব নেকি ৰাজ্য চৰকাৰ তথা প্ৰশাসন? গোৱালপাৰা উচ্ছেদক লৈ প্ৰশাসনে সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ । উচ্ছেদৰ সময়ত চৰকাৰ-প্ৰশাসনে নীতি-নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত দাখিল কৰা হৈছে। আবেদনকাৰীসকলে দাবী কৰে যে উচ্ছেদ অভিযানত যথাযথ প্ৰক্ৰিয়া অবিহনে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে। যাৰ বাবে তেওঁলোকে সকাহ আৰু আশ্ৰয়স্থল বিচাৰি উচ্চতম ন্যায়ালয়ৰ দাৰাস্থ হৈছে।
উচ্চতম ন্যায়ালয়ে যোৱা ২৪ জুলাইত গোৱালপাৰা জিলাত চলোৱা উচ্ছেদ অভিযানৰ সময়ত অসম চৰকাৰৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত অৱমাননামূলক গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনক লৈ গঠিত বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত অসমৰ মুখ্য সচিবকে ধৰি আন লোকক ইয়াৰ উত্তৰ বিচাৰি জাননী জাৰি কৰে।
এই আবেদনত অভিযোগ কৰা হৈছে যে জুন মাহত চলোৱা উচ্ছেদ অভিযানে ৬৬৭টাতকৈও অধিক পৰিয়ালক প্ৰভাৱিত কৰিছিল। গোৱালপাৰা জিলাৰ ৮ গৰাকী বাসিন্দাই দাখিল কৰা আবেদনখনত ব্যক্তিগত শুনানিৰ অনুমতি নিদিয়াকৈ আৰু আপীল বা ন্যায়িক পুনৰীক্ষণৰ বাবে পৰ্যাপ্ত সময় প্ৰদান নকৰাকৈ উচ্ছেদ চলোৱা বুলি উল্লেখ কৰে।
অধিবক্তা আদিল আহমেদৰ জৰিয়তে দাখিল কৰা আবেদনখনত কোৱা হৈছে যে, “তাৰ বাহিৰেও উচ্ছেদৰ বাবে প্ৰধানকৈ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লৈছিল, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ একেধৰণৰ স্থানত থকা ব্যক্তিসকল প্ৰভাৱিত হোৱা নাই, যাৰ ফলত সংশ্লিষ্ট কৰ্তৃপক্ষই চলোৱা উচ্ছেদ অভিযান বৈষম্যমূলক ৰূপায়ণ হৈ পৰিছে…।”
আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগডে কয় যে, মাত্ৰ দুদিন পূৰ্বে জাননী দিয়া হৈছিল আৰু তাৰ পিছতে উচ্ছেদৰ কাম সম্পন্ন কৰা হৈছিল।
ইয়াকে লৈ মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে “আপুনি হাইকোৰ্টলৈ কিয় নাযায়?” এই সন্দৰ্ভত হেগডে কয় যে কেইবাজনো ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল আৰু তাত কৰা আবেদন পুনৰ্বাসনৰ বিষয়েও উল্লেখ আছিল।” তেওঁ কয় যে বেদখলকাৰীসকলো আইনৰ যথাযথ প্ৰক্ৰিয়াৰ অধিকাৰ আছে।হেগডে লগতে কয়, “উচ্ছেদ কৰা ৬৬৭টা দৰিদ্ৰ পৰিয়াল যিয়ে সেই ভূমিত ৬০-৭০ বছৰ ধৰি বসবাস কৰি আছে।” তেওঁ কয়, “ব্ৰহ্মপুত্ৰই সময়ে সময়ে গতি সলনি কৰে আৰু মানুহে ওখ ঠাইলৈ যাব লগা হয়।”
ইয়াকে লৈ বিচাৰপীঠে সকীয়াই দিয়ে, “আমি জাননী জাৰি কৰিব বিচাৰো। কিন্তু যদি চৰকাৰে সেয়া চৰকাৰী ভূমি বুলি প্ৰমাণ কৰে, তেন্তে আমি ইতিমধ্যে কৈছো যে চৰকাৰৰ মালিকানাধীন ভূমি, ৰাজপথ, ৰাজহুৱা স্থান, নদী আৰু জলাশয়ত কোনো ধৰণৰ বেদখলৰ ক্ষেত্ৰত আমাৰ আদেশ প্ৰযোজ্য নহ’ব।ইফালে চিজেআইয়ে কয় যে যদি এয়া চৰকাৰী ভূমি হয়, তেন্তে ইয়াৰ বিপৰীতে আমি কোনো আদেশ দিব নোৱাৰো।
এই আবেদনত ২০২৪ চনৰ ১৩ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ কথা উল্লেখ কৰা হৈছে য’ত সৰ্বভাৰতীয় নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছিল আৰু পূৰ্বৰ শ্ব’ক’জ জাননী অবিহনে সম্পত্তি ধ্বংস কৰাত বাধা দিয়া হৈছিল আৰু ক্ষতিগ্ৰস্ত পক্ষক উত্তৰৰ বাবে ১৫ দিনৰ সময় দিয়া হৈছিল।
আবেদনত কোৱা হৈছে, বিগত ৬০ বছৰ ধৰি হাচিলাবিল ৰাজহ গাঁৱত পৰিয়ালৰ সৈতে বাস কৰি আহিছে, কিন্তু ইয়াৰ পূৰ্বে কোনো চৰকাৰী কৰ্তৃপক্ষৰ পৰা কোনো আপত্তি উত্থাপন কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে। আবেদনখনত কোৱা হৈছে যে ১৩ জুনত কৰ্তৃপক্ষই জাননী জাৰি কৰি ১৫ জুনৰ ভিতৰত সকলো বাসিন্দাক আঁতৰিবলৈ নিৰ্দেশ দিছিল।