শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২৫ জুলাই, শুকুৰবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Published: 25 Jul 2025 07:55 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. ডিব্ৰুগড়ত ৫০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে জিলাখনৰ উচ্চ শিক্ষা, স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, আৰু সংযোগ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
  2. জনগাঁথনিগত পৰিৱৰ্তন আৰু কিছুমান বিশেষ সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰ তীব্ৰ হ্ৰাসে সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয়, “অসম এক অনন্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জনগাঁথনিগত পৰিৱৰ্তন আৰু জনসংখ্যা হ্ৰাসৰ বাবে আমাৰ সমাজৰ পৰা কমসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে।”
  3. তিনিবছৰীয়া আলোচনাৰ অন্তত স্বাক্ষৰ হয় ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি। ইয়াৰ লগে লগে শুক্লশূন্য হ’ব ভাৰতৰ কৃষিজাত সামগ্ৰী, সামুদ্ৰিক খাদ্য, বস্ত্ৰ, ধাতু, ৰাসায়নিক সামগ্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত স্বাক্ষৰ হয় এই মুক্ত বাণিজ্য চুক্তি।
  4. বিৰোধীৰ প্ৰতিবাদত উত্তাল সংসদ। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনকলৈ চলিত বৰ্ষাকালীন অধিৱেশৰ চতুৰ্থ দিনাও অচল হৈ পৰে সংসদ। সংসদৰ ভিতৰে বাহিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। অংশগ্ৰহণ কৰে ছোনিয়া গান্ধীয়ে।
  5. থাইলেণ্ড-কম্বোডিয়াৰ সীমা বিবাদে লৈছে ভয়ংকৰ ৰূপ। প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে, দুয়োখন দেশৰ সীমাত থকা এটা শিৱ মন্দিৰক লৈ সৃষ্টি হৈছে সামৰিক সংঘাত। এই সংঘাতত ১০ গৰাকীতকৈ অধিক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে। আহতসকলৰ ভিতৰত সাধাৰণ লোকো আছে।
  6. ভৰিৰ আঘাতৰ পিছতো ঋষভ পণ্টে ৭৫টা বলত ৫৪ ৰানৰে এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। শৃংখলাত দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখি পণ্টে কেৱল অৰ্ধশতক অৰ্জন কৰাই নহয়, এক নতুন অভিলেখ গঢ়ি টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ শীৰ্ষত আছে ঋষভ পণ্ট।