শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গছ কটা আৰু স্থানান্তৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক SOP দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ মাইকেল ‎জোথানখুমাৰ বিচাৰপীঠে গুৱাহাটীৰ দীঘলীপুখুৰী আৰু আমবাৰী অঞ্চলৰ গছ কটা আৰু ‎স্থানান্তৰ সন্দৰ্ভত দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে। বিচাৰপীঠে শুনানি গ্ৰহণ কৰি অসম চৰকাৰক এই সন্দৰ্ভত SOP ‎‎দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

গছ কটা আৰু স্থানান্তৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক SOP দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী উচ ন্যায়ালয়Image Credit source: Facebook/Guwahati High Court
monjit-dutta
Monjit Dutta | Updated On: 24 Jul 2025 19:05 PM

বিগত কিছুদিন ধৰি গছ কটা আৰু স্থানান্তৰ সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। বিশেষকৈ মহানগৰীৰ কেইবাটাও স্থানত গছ কটাক কেন্দ্ৰ কৰি প্ৰতিবাদৰ সৃষ্টি হৈছিল। উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰী আৰু আমবাৰী অঞ্চলৰ বহু গছ কাটি পেলোৱা আৰু ‎স্থানান্তৰৰ পৰিকল্পনা কৰিছিল ৰাজ্য চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু সমাজকৰ্মী জয়ন্ত গগৈয়ে উচ্চ ন্যায়ালয়ত ৰাজহুৱা জনস্বাৰ্থ জড়িত আবেদন দাখিল ‎কৰিছিল।

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ মাইকেল ‎জোথানখুমাৰ বিচাৰপীঠে এই জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে। বিচাৰপীঠে শুনানি গ্ৰহণ কৰি অসম চৰকাৰক গছ কটা আৰু স্থানান্তৰ প্ৰক্ৰিয়া সম্পৰ্কে SOP ‎‎(ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ) দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ সময়ত বাদীৰ অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে আদালতৰ মজিয়াত উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত ‎অসংখ্য গছৰ ক্ষতি হোৱাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ উত্তৰত অসম চৰকাৰৰ ‎মহাধিবক্তা দেৱজিৎ লন শইকীয়াই গছ কটা বা স্থানান্তৰ এৰাই চলিবলৈ ‎উৰণীয়া সেঁতুৰ প্ৰকল্পটোৰ পৰিকল্পনা সংশোধন কৰা হ’ব বুলি আদালতক আশ্বাস দিয়ে।

মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ লগতে বাদীৰ অধিবক্তা কমল নাৰায়ণ ‎চৌধুৰীয়েও চৰকাৰে উৰণীয়া সেঁতু প্ৰকল্পৰ সংশোধনীৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰি ‎বিষয়টো সমাধানৰ বাবে আগুৱাই আহিছে বুলি নিশ্চিত কৰে। কিন্তু পূৰ্ণবয়স্ক গছৰ স্থানান্তৰ সন্দৰ্ভত এক আশংকাৰ উদয় হোৱাৰ বিষয়ে আদালতত জনোৱা হয়।

এই আশংকা সন্দৰ্ভত ‎অসম চৰকাৰ মহাধিবক্তাগৰাকীয়ে কয় যে দীঘলীপুখুৰী-আমবাৰী অঞ্চলৰ ৭৭ জোপা গছৰ ভিতৰত ‎৭৬ জোপা গছ সফলতাৰে স্থানান্তৰ কৰা হৈছে। গছ স্থানান্তৰৰ এই সফলতাৰ কথা স্বীকাৰ কৰি আদালতে ‎গছ স্থানান্তৰ আৰু কটাৰ বাবে বিশদ SOP আনুষ্ঠানিকভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে লগতে ‎ভৱিষ্যতে গছ স্থানান্তৰ আৰু গছ কটাৰ ক্ষেত্ৰত এই এছ অ’ পি যাতে কঠোৰভাবে মানি চলে, সেয়াও নিশ্চিত ‎কৰিবলৈ নিৰ্দেশ দিয়ে। বিচাৰপীঠৰ এই নিৰ্দেশনাৰ পিছতে মহাধিবক্তা শইকীয়াই  পৰৱৰ্তী শুনানিৰ ভিতৰত SOPৰ বিশদ বিৱৰণ ‎আৰু নিৰ্মাণৰ সময়ত গছ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে শপতনামা দাখিল কৰা হ’ব বুলি আদালতক আশ্বাস দিয়ে।

বিচাৰপীঠে লগতে উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষাৰ কথা বিবেচনা কৰি সকলো সাৱধানতা ‎উল্লেখ কৰিবলৈও নিৰ্দেশ দিয়ে। লক্ষণীয়ভাৱে গোচৰৰ শুনানিৰ সময়ত বিচাৰপীঠে আবেদনকাৰীক ‘বিৰোধী হিচাপে নহয়, উত্তৰ প্ৰজন্মৰ বাবে মাতৃ ‎প্ৰকৃতিক সংৰক্ষণ কৰাৰ প্ৰচেষ্টা’ হিচাপে উল্লেখ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৪ আগষ্টত অনুষ্ঠিত হ’ব।