শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কটা নাই, স্থানান্তৰহে কৰা হৈছে দীঘলীপুখুৰীৰ পাৰৰ গছ: লোক নিৰ্মাণ বিভাগে জনালে…

এজন বিষয়াই সংবাদমাধ্যমৰ আগত কয়, "দীঘলীপুখুৰীত কোনো গছ কটা হোৱা নাই। গুৱাহাটী ক্লাৱৰ পৰা দীঘলীপুখুৰী পাৰলৈকে উৰণ সেতুৰ নিৰ্মাণৰ বাবে ৭৭ জোপা গছ স্থানান্তৰহে কৰা হৈছিল। ৩৪ জোপা গছ Handloom Textile ৰ চৌহদত বাকী ৪৩ জোপা গছ লাচিত ঘাটত সংৰোপণ কৰা হৈছে।"

কটা নাই, স্থানান্তৰহে কৰা হৈছে দীঘলীপুখুৰীৰ পাৰৰ গছ: লোক নিৰ্মাণ বিভাগে জনালে…
সংৰোপণ কৰা হৈছে দীঘলীপুখুৰীৰ গছ
trishna-kalita
Trishna Kalita | Updated On: 22 Oct 2025 13:57 PM

দীঘলীপুখুৰীৰ গছ কটা প্ৰসংগত মুখ খুলিছে লোক নিৰ্মাণ বিভাগে। এডালো গছ কটা নাই বুলি উল্লেখ কৰে বিভাগীয় কৰ্তৃপক্ষই। উৰণ সেতু নিৰ্মাণৰ বাবে ৭৭ জোপা গছ স্থানান্তৰ কৰা হৈছিল বুলিহে জনাই তেওঁলোকে। বিগত কেইবাদিনো ধৰি দীঘলীপুখুৰীৰ গছ কটা বিষয়টোক লৈ বিভিন্ন মাধ্যমত চৰ্চা চলি থকা দেখা গৈছে।

এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “দীঘলীপুখুৰীত কোনো গছ কটা হোৱা নাই। গুৱাহাটী ক্লাৱৰ পৰা দীঘলীপুখুৰী পাৰলৈকে উৰণ সেতুৰ নিৰ্মাণৰ বাবে ৭৭ জোপা গছ স্থানান্তৰহে কৰা হৈছিল। ৩৪ জোপা গছ Handloom Textile ৰ চৌহদত বাকী ৪৩ জোপা গছ লাচিত ঘাটত সংৰোপণ কৰা হৈছে।”

লগতে পঢ়ক: বহুতে জুবিনৰ স্থান ল’বলৈ চেষ্টা কৰিছে: গছ কটা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী

তেওঁ লগতে কয়, “দিল্লীৰ কোম্পানীক গোটেই গছসমূহ হস্তান্তৰ কৰাৰ দায়িত্ব দিয়া হৈছিল। আমি দুটা ঠাইত স্থানান্তৰ কৰিছোঁ।  সৰু সৰু গছবোৰ বাছি উঠিছে যদিও ডাঙৰ গছবোৰ বছোৱাৰ চেষ্টা চলাই থকা হৈছে।”

উল্লেখ্য যে, “এটা ব্যক্তিগত চেনেলত সাক্ষাৎকাৰৰ সময়ত জুবিনৰ মৃত্যুৰ পিছতে দীঘলীপুখুৰীৰ গছ কাটি দিয়া হয় বুলি অভিযোগ উত্থাপন কৰিছিল অভিনেতা ৰবি শৰ্মাই। তাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল কথাখিনি।  অভিনেতাগৰাকীয়ে কৈছিল, জুবিনৰ গাৰ্গৰ মৃত্যুৰ পিছতে গছ কটা মানুহবোৰে জুবিনক ভাল পায় বুলি ক’লেই মানি ল’ব নোৱাৰি। ”

তাৰ পিছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে  মন্ত্ৰী পীযূষ হাজৰিকাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে যে, দীঘলীপুখুৰীৰ আশে-পাশে থকা এজোপাও গছ কটা হোৱা নাই। তেওঁ স্মৰণ কৰি কয় যে, ঐতিহাসিক পুখুৰীটোৰ চাৰিওফালে থকা গছবোৰ সংৰক্ষণ কৰা হ’ব বুলি জীৱনকালত জুবিন গাৰ্গক ব্যক্তিগতভাৱে আশ্বাস দিছিল।

লগতে পঢ়ক: অৰুণাচলত নিৰাপত্তাৰক্ষী-আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ, নিহত কেডাৰ