মহিলাৰ বাবে জেহাদী পাঠ্যক্ৰম ঘোষণা জৈছ-ই-মহম্মদৰ, দিব লাগিব ৫০০ টকাকৈ মাচুল
জৈছ-ই-মহম্মদে মহিলা নিযুক্তিৰ বাবে টুফাত আল-মমিনাত নামৰ অনলাইন জেহাদী পাঠ্যক্ৰম আৰম্ভ কৰিছে। মাছুদ আজহাৰৰ ভগ্নী আৰু উমৰ ফাৰুকৰ পত্নীয়ে এই কাৰ্যসূচীৰ নেতৃত্ব দিব। প্ৰতিজন অংশগ্ৰহণকাৰীৰ পৰা ৫০০ টকাকৈ মাচুল লোৱা হ’ব।

পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে গ্ৰহণ কৰিছে এক নতুন কৌশল। শেহতীয়াকৈ প্ৰকাশ পাইছে যে সন্ত্ৰাসবাদী সংগঠনটোৱে জামাত আল-মমিনাত নামৰ মহিলা জেহাদী ব্ৰিগেড গঠন কৰিছিল। এতিয়া এই কথা পোহৰলৈ আহিছে যে জৈছ-ই-মহম্মদে মহিলা নিযুক্তিৰ বাবে টুফাত আল-মমিনাত নামৰ অনলাইন জেহাদী পাঠ্যক্ৰম আৰম্ভ কৰিছে। মাছুদ আজহাৰৰ ভগ্নী আৰু উমৰ ফাৰুকৰ পত্নীয়ে এই কাৰ্যসূচীৰ নেতৃত্ব দিব। প্ৰতিজন অংশগ্ৰহণকাৰীৰ পৰা ৫০০ টকাকৈ মাচুল লোৱা হ’ব।
চলিত মাহৰ আৰম্ভণিতে প্ৰকাশ পাইছিল যে সংযুক্ত ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত আৰু পাকিস্তানৰ সমৰ্থিত জৈছ-ই-মহম্মদে জামাত উল-মুমিনাত নামৰ মহিলা ব্ৰিগেড গঠনৰ প্ৰস্তুতি চলাইছে। নতুনকৈ পোহৰলৈ অহা এটা তথ্যত এতিয়া প্ৰকাশ পাইছে যে গোটটোৱে মহিলাক নিযুক্তি আৰু ধন সংগ্ৰহৰ বাবে অনলাইন প্ৰশিক্ষণ পাঠ্যক্ৰমো চলাই আছে। এই পাঠ্যক্ৰমৰ নাম তুফাত আল-মুমিনাত।
মাছুদ আজহাৰৰ ভগ্নীয়ে নেতৃত্ব দিব
এই মহিলা ব্ৰিগেডৰ কমাণ্ড মৌলানা মাছুদ আজহাৰে তেওঁৰ কনিষ্ঠ ভগ্নী সাদিয়া আজহাৰক অৰ্পণ কৰিছে। অপাৰেচন সেন্দূৰত নিহত হৈছে সাদিয়াৰ স্বামী ইউনুছ আজহাৰ। তেওঁৰ কনিষ্ঠ ভগ্নী ছাফিয়া আৰু উমৰ ফাৰুকৰ পত্নী আফ্ৰিৰা ফাৰুককো শ্বুৰাত অন্তৰ্ভুক্ত কৰিছে। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত উমৰ ফাৰুক, পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত হৈছিল।
পাঠ্যক্ৰমত কি শিকোৱা হ’ব?
সংগঠনটোক শক্তিশালী কৰাৰ লগতে ইয়াৰ মহিলা ব্ৰিগেডত অধিক মহিলাক নিযুক্তি দিয়াৰ উদ্দেশ্যে মাছুদ আজহাৰ আৰু তেওঁৰ সহযোগীসকলৰ আত্মীয়কে ধৰি জৈছ-ই-মহম্মদৰ নেতাসকলৰ পৰিয়ালৰ সদস্যসকলে জেহাদ, ধৰ্ম, ইছলামৰ দৃষ্টিকোণৰ পৰা মহিলাসকলক তেওঁলোকৰ দায়িত্বৰ বিষয়ে শিকাব।
বক্তৃতা ৪০ মিনিটৰ হ’ব
অনলাইন লাইভ বক্তৃতাৰ জৰিয়তে নিযুক্তি অভিযান অহা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱাৰ পৰিকল্পনা কৰা হৈছে। দৈনিক ৪০ মিনিটৰ অনলাইন অধিবেশনত মাছুদ আজহাৰৰ দুই ভগ্নী সাদিয়া আজহাৰ আৰু সামইৰা আজহাৰে মহিলাসকলক জয়ছৰ মহিলা শাখা জামাত উল মুমিনাতত যোগদান কৰিবলৈ উৎসাহিত কৰিব।
মহিলাৰ পৰা সংগ্ৰহ কৰা হ’ব অনুদান
মাছুদ আজহাৰে কেতিয়াও চান্দা সংগ্ৰহৰ সুযোগ নেহেৰুৱায়। আনকি ২৭ ছেপ্টেম্বৰত বাহাৱালপুৰৰ মাৰ্কাজ উছমান ও আলীত শেহতীয়াকৈ দিয়া ভাষণত অনুদানৰ বাবে আবেদন জনাইছিল। তেনেকৈ জইছ-ই-মহম্মদে এতিয়া এই পাঠ্যক্ৰমত নামভৰ্তি কৰা প্ৰতিগৰাকী মহিলাৰ পৰা ৫০০ পাকিস্তানী টকাৰ অনুদান সংগ্ৰহ কৰিছে, আৰু তেওঁলোকক অনলাইন তথ্য প্ৰ-পত্ৰও পূৰণ কৰিবলৈ কোৱা হৈছে।
মহিলাক প্ৰৰোচিত কৰাৰ বাবে ৰেলী
অপাৰেচন সেন্দূৰৰ পিছত অস্থিৰ হৈ পৰিছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন। জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদিনে ৰেলীৰ জৰিয়তে নতুন জেহাদীক নিযুক্তি দিছে। এনে এক জৈছ ৰেলীৰ প্ৰস্তুতিৰ ভিডিঅ’ পোহৰলৈ আহিছে। এই সমাৱেশ মুজাফ্ফৰাবাদত অনুষ্ঠিত হৈছে। ভিডিঅ’টোত মঞ্চখন সজাই তোলা দেখা গৈছে, দেৱালত পোষ্টাৰ লগোৱা হৈছে।
পোষ্টাৰত জৈছৰ মুখ্য কাৰ্যালয় মাৰ্কাজ চুভান আল্লাহ মছজিদত সংঘটিত অপাৰেচন সেন্দূৰৰ আক্ৰমণত নিহত সন্ত্ৰাসবাদীক শ্বহীদ ঘোষণা কৰা হৈছে। প্ৰতিখন বেৰত আঁৰি দিয়া হৈছে জেহাদৰ পোষ্টাৰ। সূত্ৰসমূহে জনোৱা মতে এই সমাৱেশ বিশেষভাৱে জৈছত মহিলাক নিযুক্তি দিয়াৰ বাবে আয়োজন কৰা হৈছে। কেৱল জেহাদী ধৰ্মধ্বনিৰে মগজু প্ৰৰোচিত কৰাই নহয়, জেহাদৰ নামত দানৰ বাবেও ধন দাবী কৰা হ’ব।
মহিলা ব্ৰিগেড ঘোষণা
চলিত মাহৰ আৰম্ভণিতে ৮ অক্টোবৰত মাছুদ আজহাৰে জয়ছ-ই-মহম্মদৰ মহিলা ব্ৰিগেড জামাত উল-মুমিনাত ঘোষণা কৰে আৰু ১৯ অক্টোবৰত ৰাৱালকোট (PoK)ত দুখতাৰন-ই-ইছলাম নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানৰ উদ্দেশ্য আছিল মহিলাসকলক গোটত নিযুক্তি দিয়া। সূত্ৰ অনুসৰি পাকিস্তানত কিছুমান কঠোৰ সামাজিক নীতি-নিয়মৰ বাবে বহু ঠাইত মহিলাসকলে অকলে ওলাই যোৱাটো অসন্মানজনক বুলি গণ্য কৰা হয়, সেয়েহে জইছ-ই-মহম্মদে এতিয়া অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আইছিছ, হামাছ আৰু এলটিটিইৰ দৰে পুৰুষ সন্ত্ৰাসবাদী ব্ৰিগেডৰ সৈতে মহিলা সন্ত্ৰাসবাদী ব্ৰিগেড গঠন কৰি আত্মঘাতী/ফিডাইন আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিছে।