Himanta Biswa Sarma: জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আইনৰ ওপৰত আস্থা ৰাখিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিনৰ বিষয়টোত ভাৰতৰ ন্যায়িক ব্যৱস্থাক বিশ্বাস কৰিবলৈ নাগৰিকক আহ্বান জনাই তেওঁ কয়, চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই নকৰে। ইতিমধ্যে উচ্চ ন্যায়ালয়ে তদন্তৰ কাম হাতত লৈছে আৰু আৰক্ষীৰ প্ৰতিবেদন অতি সোনকালে আদালতত দাখিল কৰা হ’ব।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত অনুৰাগীয়ে চলাই থকা আন্দোলনকলৈ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত তেওঁ দাবী কৰে যে, “আজি মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ তৎক্ষণাত শেষ হ’ব। আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে বাকী ৫০% প্ৰতিবাদো বন্ধ হৈ যাব। যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল।”
জুবিনক ন্যায় প্ৰদানৰ বাবে ন্যায়পালিকাৰ প্ৰতি বিশ্বাস ৰাখিবলৈ সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। ভাৰতৰ ন্যায়িক ব্যৱস্থাক বিশ্বাস কৰিবলৈ নাগৰিকক আহ্বান জনাই তেওঁ কয়, “চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই নকৰে। ইতিমধ্যে উচ্চ ন্যায়ালয়ে তদন্তৰ কাম হাতত লৈছে আৰু আৰক্ষীৰ প্ৰতিবেদন অতি সোনকালে আদালতত দাখিল কৰা হ’ব।”
তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ শুনানি ফাষ্ট ট্ৰেক কোৰ্টত হ’ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই অৱগত কৰে। অসমৰ ৰাইজক ধৈৰ্য্য ধৰিবলৈ আৰু চলি থকা ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।