দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ২২ অক্টোবৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ শীৰ্ষ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- আমেৰিকাত H-1B ভিছাৰ সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছে যে ইতিমধ্যে আমেৰিকাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলে 8.3 মিলিয়ন ($100,000) অতিৰিক্ত মাচুল দিব নালাগিব। এই ৰেহাই সেইসকলৰ বাবে উপলব্ধ হ’ব যিসকলে আমেৰিকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছে বা ইতিমধ্যে এইচ-১বি ভিছাৰ ওপৰত কাম কৰি আছে আৰু কেৱল নবীকৰণ বা বদলি বিচাৰিছে।
- সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে, “আজি মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ তৎক্ষণাত শেষ হ’ব। আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে বাকী ৫০% প্ৰতিবাদো বন্ধ হৈ যাব। যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল।” এই আন্দোলনটো জুবিনৰ ন্যায় বিচাৰি কৰা আন্দোলন নহয় বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, জুবিনৰ প্ৰকৃত অনুৰাগী আৰু বৰ্তমান হঠাতে অনুৰাগী হৈ পৰা একাংশৰ মাজত পাৰ্থক্য আছে।
- এন এছ চি এন(কে) শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোন আক্ৰমণ। ভাৰত-ম্যানমাৰ সীমান্তত থকা শিবিৰত চলোৱা হয় এই আক্ৰমণ। আক্ৰমণত নিহত ৮ নগা বিদ্ৰোহী। আনহাতে কেইবাজনো আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
- বাক্সাত আৰক্ষীৰ গুলীচালনাত আহত দুজন ব্যক্তিৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচজন অভিযুক্তক সেই জিলাৰ এখন কাৰাগাৰলৈ লৈ যোৱা দিনটোত সংঘটিত হৈছে হিংসাত্মক ঘটনা। মুখ্যমন্ত্ৰী শৰ্মাই আহত দুজনৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।
- বাক্সাৰ প্ৰতিবাদ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক উত্তেজিত কৰাৰ অভিযোগ তুলিছে ডঃ শৰ্মাই। ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিবলৈ জনসাধাৰণক আহ্বান মুখ্যমন্ত্ৰীৰ।