জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি, বিৰোধীৰ ক্ষুৰধাৰ সমালোচনা
ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে জুবিন গাৰ্গৰ মৃত্যুৰ যাতে সঠিক ন্যায় প্ৰদান কৰা হয়, সেই আহ্বানেৰে বিজেপিৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বৃহৎ জন সমদল কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজক ন্যায় পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ আহ্বান জনাইছিল।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই। নলবাৰীৰ পৰা আৰম্ভ কৰা হৈছে এই বিশেষ কাৰ্যসূচী।
ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে জুবিন গাৰ্গৰ মৃত্যুৰ যাতে সঠিক ন্যায় প্ৰদান কৰা হয়, সেই আহ্বানেৰে বিজেপিৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বৃহৎ জন সমদল কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজক ন্যায় পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ আহ্বান জনাইছিল। ইফালে এই কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰা সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰিছিল যে বিজেপি দলে জুবিন গাৰ্গৰ ন্যায়ৰ উচিত তথা ক্ষীপ্ৰ তদন্তৰ বাবে চৰকাৰক দাবী জনাব।
SIT আৰু ন্যায়িক তদন্ত আয়োগ গঠন
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চিআইডিৰ বিশেষ তদন্তকাৰী গোটে কৰি থকাৰ সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন এজনীয়া তদন্ত সমিতি গঠন কৰা হৈছিল। এই সমিতিয়ে অহা ৩ নৱেম্বৰৰ পৰা ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰিব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ তথ্য লাভৰ বাবে ছিংগাপুৰত উপস্থিত হৈছে অসম আৰক্ষীৰ চিআইডিৰ মুৰব্বী তথা বিশেষ তদন্তকাৰী গোটৰো মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তা। ২১ অক্টোবৰ মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ লগতে য়ট পাৰ্টী অনুষ্ঠিত হোৱা স্থান আৰু হোটেলতো অনুসন্ধান চলোৱা বুলি জানিব পৰা গৈছে।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ডিজিটেল প্ৰতিবাদ
ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মানুহে মৌখিকভাৱে দাবী তোলাৰ লগতে সামাজিক মাধ্যমতো দেখা গৈছে প্ৰতিবাদৰ জোৱাৰ। #JusticeForZubeenGarg লিখি ডিজিটেল প্ৰতিবাদ চলোৱা দেখা গৈছে সামাজিক মাধ্যমত। প্ৰায় ২.৭ মিলিয়ন স্পৰ্শ কৰিছে এই হেছটেগে। সকলোৱে বিচাৰিছে যাতে জুবিন গাৰ্গে উচিত ন্যায় পায় আৰু তেওঁ মৃত্যুৰ সত্য উদ্ঘাটন হয়।
মুখ্যমন্ত্ৰীৰ শেহতীয়া ভাষ্য
মঙলবাৰে বাক্সাৰ নিকাছিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাতেই তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে একাংশই জুবিন গাৰ্গৰ ন্যায়ৰ আঁৰত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ বাবেহে আন্দোলন কৰি আছে। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিলে ৫০ শতাংশ আন্দোলন বন্ধ হৈ যাব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী ৫০ শতাংশ আন্দোলন বন্ধ হ’ব। প্ৰকৃত জুবিন অনুৰাগীয়ে এই প্ৰতিবাদ চলোৱা নাই বুলিও একপ্ৰকাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। তাৰ লগতে তেওঁ কয় যে বহুতো মানুহ এৰাতিৰ ভিতৰত জুবিন অনুৰাগী হৈ পৰিছে। পূৰ্বে জুবিন গাৰ্গক সমালোচনা কৰা বহু মানুহে এতিয়া ন্যায়ৰ দাবী তুলি থকা বুলিও তেওঁ কয়।
বিৰোধীৰ কটাক্ষ
আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰা এই অভিযানক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে। কংগ্ৰেছ, ৰাইজৰ দল আৰু অজাপৰ লগতে আন কেবাটাও বিৰোধী দলে এই অভিযানক সমালোচনা কৰা দেখা গৈছে। সামাজিক মাধ্যমত এই সন্দৰ্ভত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহুবল্কী বিধায়ক অখিল গগৈয়ে। এটা ফেচবুক পোষ্টত গগৈয়ে লিখিছে- “শাসনত থকা বিজেপিয়ে ন্যায় বিচাৰি নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাটো অৱধাৰিত হৈ পৰিব।” আন এটা পোষ্টত বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ লিখিছে- “বিজেপিৰ ন্যায় যাত্ৰাৰ শ্লোগান ৰিণিকি ৰিণিকি শুনা যেন লাগিছে— সিদ্ধাৰ্থ- শ্যামকানুক মুক্তি দিয়ক। ন্যায় বিচৰাসকলক ফাঁচী দিয়ক॥ মুখ্য ন্যায়াধীশে পদত্যাগ কৰক। হিমন্ত বিশ্ব জিন্দাবাদ॥”
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্য়োতি গগৈয়ে লিখিছে- “কোনোবাই হেনো ন্যায় বিচাৰি ৰাজপথলৈ আহিব খুজিছে ৷ আহক, অহাত আপত্তি নাই ৷ কথা হ’ল তেওঁলোকেই চৰকাৰ চলাই আছে ৷ তেওঁলোকেই যদি ৰাজপথলৈ আহিবলগীয়া হৈছে ন্যায় বিচাৰি, কাইলৈ ভগৱানে নকৰক CID, SITয়েও যদি ন্যায় বিচাৰি ৰাজপথত ওলায়, তেতিয়াহে হাহাকাৰ কথা হ’ব! আমি গতিবিধি ভাল দেখি থকা নাই ৷”
কংগ্ৰেছৰ বিধায়ক তথা বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লিখিছে- “আমাৰ মৰমৰ হাৰ্টথ্ৰব, জাতীয় সত্তাৰ প্ৰতীক জুবিন গাৰ্গক হেৰুওৱাৰ এমাহ সম্পূৰ্ণ হ’ল। কিন্তু কি পৰিস্থিতিত, কেনেকৈ এই ঘটনা ঘটিবলৈ পালে, তাৰ কোনো স্পষ্ট ৰূপৰেখা চৰকাৰে আজিলৈকে অসমবাসীক দিব নোৱাৰিলে। তদন্ত প্ৰক্ৰিয়া ইমানেই লেহেমীয়া যে জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে এই চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে, যাৰ প্ৰতিফলন তেওঁলোকৰ সামাজিক মাধ্যমৰ পোষ্টসমূহত স্পষ্ট! এতিয়া, এমাহৰ মূৰত এছ.আই.টি (SIT) গৈ ছিংগাপুৰ পাইছেগৈ। এই ‘ডবল ইঞ্জিন’ চৰকাৰখনক সামান্য এটা অনুমোদন ল’বলৈ এমাহ সময় লাগিল নে? ই নিতান্তই হাস্যকৰ আৰু দুৰ্ভাগ্যজনক। যিটো ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল, তাত জুবিন গাৰ্গৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিয় ইমান গুৰুতৰ গাফিলতি হ’ল, তাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে আজিও দিব নোৱাৰিলে। আনকি জুবিনৰ ঘনিষ্ঠ বুলি জনাজাত, কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ছিংগাপুৰৰ দূতাবাসৰ লগত কথা পাতিও কিয় তেওঁক বিশেষ নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হ’ল?”
ৰাজ্যৰ লাখ লাখ জনতা এই আশাত বন্দী হৈ আছে যে, জুবিন গাৰ্গে ন্যায় পাব। চৰকাৰেও সেই প্ৰতিশ্ৰুতি দিছে। এতিয়া জুবিন গাৰ্গে কেতিয়া উচিত ন্যায় লাভ কৰে সেয়া অৱশ্যেই লক্ষনীয় হ’ব।