শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বহু সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা পৰিনীতি চোপ্ৰাৰ! কাৰণ জানিলে আচৰিত হ'ব

বহু সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা পৰিনীতি চোপ্ৰাৰ! কাৰণ জানিলে আচৰিত হ’ব

trishna-kalita
Trishna Kalita | Published: 21 Oct 2025 18:42 PM

বিবাহৰ আগতে পৰিয়াল আৰু বিবাহৰ ক্ষেত্ৰত পৰিনীতিৰ স্থিতি অতি স্পষ্ট। আৰম্ভণিৰে পৰাই কৈ আহিছিল যে তেওঁ,  বহু ল’ৰা-ছোৱালীক তুলি ল’ব লাগে। পৰিনীতিৰ ভাষাত অনাথ ল’ৰা-ছোৱালীক দেখিলেই এটা কথাই মনলৈ আহে- মাক অবিহনে কোনোবাই কেনেকৈ ডাঙৰ হ’ব পাৰে!

ৰাঘৱ চাদ্দা আৰু পৰিনীতি চোপ্ৰাৰ পৰিয়াললৈ আহিছে এগৰাকী নতুন সদস্য। দীপাৱলীৰ ঠিক আগতে পৰিনীতিৰ পৰিয়ালে পালে এটি পুত্ৰ সন্তানৰ আশীৰ্বাদ।  শনিবাৰে ছ’চিয়েল মিডিয়াত ৰাঘৱে নিজেই এই খবৰটো ঘোষণা কৰে। তাৰ লগে লগে ৰাঘৱৰ দিল্লীৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ। এই সময়তে  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰিনীতিৰ এটা পুৰণি সাক্ষাৎকাৰ। য’ত পৰিনীতিয়ে সন্তান জন্ম দিয়াৰ ইচ্ছা স্পষ্টকৈ প্ৰকাশ কৰিছিল।

বিবাহৰ আগতে পৰিয়াল আৰু বিবাহৰ ক্ষেত্ৰত পৰিনীতিৰ স্থিতি অতি স্পষ্ট। আৰম্ভণিৰে পৰাই কৈ আহিছিল যে তেওঁ,  বহু ল’ৰা-ছোৱালীক তুলি ল’ব লাগে। পৰিনীতিৰ ভাষাত অনাথ ল’ৰা-ছোৱালীক দেখিলেই এটা কথাই মনলৈ আহে- মাক অবিহনে কোনোবাই কেনেকৈ ডাঙৰ হ’ব পাৰে! সেয়ে অভিনেত্ৰীগৰাকীয়ে সন্তান দত্তক ল’ব বিচাৰে আৰু বহুতৰে মাতৃ হ’ব বিচাৰে।