শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰেমিকাৰ সৈতে মহানগৰীৰ ফ্লেটত কটাইছিল নিশা, পুৱা উদ্ধাৰ যুৱকৰ মৃতদেহ…

মহানগৰীৰ দিছপুৰত যুৱকৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে মৃত যুৱকজনৰ নাম জেমছ বৰুৱা।দিছপুৰৰ লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন। ঘটনা অনুসৰি যোৱানিশা প্ৰেয়সীৰ লগতেই আছিল জেমছ। তাৰ মাজতে জেমছে সংঘটিত কৰে এই কাণ্ড।

প্ৰেমিকাৰ সৈতে মহানগৰীৰ ফ্লেটত কটাইছিল নিশা, পুৱা উদ্ধাৰ যুৱকৰ মৃতদেহ…
মাহানগৰীৰ ফ্লেটত উদ্ধাৰ যুৱকৰ মৃতদেহ
trishna-kalita
Trishna Kalita | Updated On: 22 Oct 2025 15:01 PM

মহানগৰীত সংঘটিত হৈ আহিছে এটাৰ পিছত আন এক চাঞ্চল্যকৰ ঘটনা। নিতৌ গুৱাহাটীত বৃদ্ধি পাইছে হত্যা, আত্মহত্যাৰ দৰে ঘটনা। কিহৰ বাবে এনেবোৰ ঘটনা সঘনাই সংঘটিত হ’ব লৈছে সেয়াও এক প্ৰশ্ন। মঙলবাৰে নিশা সংঘটিত এনে এক ঘটনাই মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহানগৰীৰ দিছপুৰত যুৱকৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে মৃত যুৱকজনৰ নাম জেমছ বৰুৱা।দিছপুৰৰ লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন। ঘটনা অনুসৰি যোৱানিশা প্ৰেয়সীৰ লগতেই আছিল জেমছ। তাৰ মাজতে জেমছে সংঘটিত কৰে এই কাণ্ড। চীপ লৈ আত্মহত্যা যুৱকজনৰ।

যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই নিথৰ দেহ নিজেই নমাই আনিছিল প্ৰেয়সীয়ে। ইয়াৰ বাবে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছে যুৱতীগৰাকীক। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ফ্লেটটোত উপস্থিত হৈ  ফৰেঞ্চিকৰ দলে চলাইছে পৰীক্ষা।

জেমছ বৰুৱাৰ বন্ধুই কোৱামতে আগৰে পৰা কোনোধৰণৰ মানসিক অশান্তিত ভুগি থকা নাছিল জেমছ। হঠাতে জেমছৰ লগতে কিবা এটা হোৱা বুলি জনাই বন্ধুৱে। জেমছে এনেকুৱা কাম কৰিব নোৱাৰে বুলি উল্লেখ। ঘটনাটো ভালদৰে তদন্ত কৰিবলৈ আহ্বান জনালে আৰক্ষীক।

লগতে পঢ়ক: কটা নাই, স্থানান্তৰহে কৰা হৈছে দীঘলীপুখুৰীৰ পাৰৰ গছ: লোক নিৰ্মাণ বিভাগে জনালে…