শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অৰুণাচলত নিৰাপত্তাৰক্ষী-আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ, নিহত কেডাৰ

জানিব পৰা মতে, ২১ অক্টোবৰৰ নিশা ৬ মাইলৰ সমীপত আছাম ৰাইফলছৰ জোৱানে প্ৰায় সাতজনীয়া আলফা(স্বাঃ)ৰ এটা দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উগ্ৰপন্থী সংগঠনটো শেহতীয়াকৈ অসমৰ কাকপথাৰৰ সেনা শিবিৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

অৰুণাচলত নিৰাপত্তাৰক্ষী-আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ, নিহত কেডাৰ
ভাৰতীয়া সেনাImage Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 22 Oct 2025 11:52 AM

অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। আছাম ৰাইফলছৰ গুলীত নিহত তিনিচুকীয়াৰ আলফা(স্বাঃ)ৰ এজন কেডাৰ। নিহত কেডাৰজন আইৱান অসম বুলি জানিব পৰা গৈছে। আইৱান অসমৰ ঘৰ তিনিচুকীয়াৰ কৰদৈগুৰীৰ জকাইচুকত। উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ।  অধিক তথ্য সন্ধানত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

জানিব পৰা মতে, ২১ অক্টোবৰৰ নিশা ৬ মাইলৰ সমীপত আছাম ৰাইফলছৰ জোৱানে প্ৰায় সাতজনীয়া আলফা(স্বাঃ)ৰ এটা দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উগ্ৰপন্থী সংগঠনটো শেহতীয়াকৈ অসমৰ কাকপথাৰৰ সেনা শিবিৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। নিহত উগ্ৰপন্থীজন আইৱান অসম, যাক কন্তি ওৰফে অভিকেশৰ মৰাণ নামেৰেও পৰিচিত বুলি চিনাক্ত কৰা হৈছে।

এনকাউণ্টাৰৰ পিছত নিহত উগ্ৰপন্থীজনৰ পৰা এটা HK ৰাইফল, এটা হেণ্ড গ্ৰেনেড আৰু এটা বেগ উদ্ধাৰ কৰে সেনাই। নিশা আন্ধাৰৰ বাবে দলটোৰ বাকী সদস্যসকলে পলায়ন কৰিবলৈ সক্ষম হয়। এনকাউণ্টাৰ ছাইটৰ পৰা পলায়ন কৰা আন উগ্ৰপন্থীসকলৰ সন্ধান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে অধিক তথ্য লাভ কৰিব পৰা যাব ।

উল্লেখ্য যে,  ১৭ অক্টোবৰৰ নিশা আলফা (স্বা)য়ে কাকপথাৰস্থিত সেনা ছাউনিত আক্ৰমণ চলায়। এই আক্ৰমণত সংগঠনটোৱে ‘অভিযান প্ৰতিশোধ’ নামেৰে নামকৰণ কৰে। কিছুদিন পূৰ্বে আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চলিছিল। য’ত কেইবাজনো সদস্যৰ মৃত্যু হৈছিল। সেই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে আলফা (স্বা)য়ে এই পদক্ষেপ গ্ৰহণ কৰে। নিশা চলা এই আক্ৰমণত প্ৰায় ৩ জন সেনা জোৱান আহত হোৱা বুলি খবৰ পোৱা গৈছে। জানিব পৰা মতে, গুলী আৰু গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰে আলফা (স্বা)ৰ দলটোয়ে। ট্ৰাকত আহি এই আক্ৰমণ সংঘটিত কৰিছিল বুলি কোৱা হৈছে।