শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভাৰতে অতিৰিক্ত শুল্ক দিব লাগিব,পুনৰ ট্ৰাম্পৰ ভাবুকি...

ভাৰতে অতিৰিক্ত শুল্ক দিব লাগিব,পুনৰ ট্ৰাম্পৰ ভাবুকি…

Barasha Sarma
Barasha Sarma | Published: 21 Oct 2025 17:53 PM

Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে পুনৰ ভাৰতক ভাবুকি প্ৰদান কৰিছে। যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে তেন্তে অধিক শুল্ক ভৰিব লাগিব বুলি কয়।

এফালে বন্ধুত্বৰ বাৰ্তা আনফালে ভাৰতক পুনৰ শুল্ক ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ আহ্বান জনায়। লগতে এনে নকৰিলে অতিৰিক্ত শুল্ক ভাৰতে ভৰিব থাকিব লাগিব বুলি তেওঁ কয়।

এয়াৰ ফৰ্চ ৱান সংবাদ মাধ্যমত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক কৈছে। কিন্তু তেওঁলোকে যদি তেল ক্ৰয় কৰা থাকে তেন্তে অধিক শুল্ক ভৰিব লাগিব। যোৱা সপ্তাহত মোদীৰ সৈতে ফোনযোগে এই কথা পতা বুলি দাবী কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

কিন্তু ট্ৰাম্পৰ এই দাবী নাকচ কৰিছে ভাৰতে। যোৱা সপ্তাহতে ভাৰতে স্পষ্ট কৰি দিছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজত কোনো ধৰণৰ ফোনযোগে বাৰ্তালাপ হোৱা নাই। যেতিয়া এই বিষয়টোৰ ওপৰত সাংবাদিকে ট্ৰাম্পক প্ৰশ্ন কৰে তেতিয়া তেওঁ কয়, যদি তেওঁলোকে তেনেকৈ ক’ব বিচাৰে তেন্তে অধিক পৰিমাণৰ শুল্ক ভৰিব লাগিব। যি তেওঁলোকে নিবিচাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে ৱাশ্বিংটনে ভাৰতীয় ৰপ্তানিত ৫০ শতাংশ  শুল্ক আৰোপ কৰিছে। প্ৰথম অৱস্থাত ২৫ শতাংশ আৰু পাছত পুনৰ ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই এই শুল্ক আৰোপ কৰাৰ যুক্তি দৰ্শাইছে। আমেৰিকাই দাবী কৰিছে যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইনৰ যুদ্ধত অগ্ৰগতি দি আছে। কিন্তু ইমানখিনি হেঁচাৰ পাছতো ভাৰত আমেৰিকাৰ ওচৰত শিৰনত কৰা নাই। ৰাছিয়াৰ পৰা অতি কম দামত ভাৰতে তেল ক্ৰয় কৰি আছে।