শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Zubeen Garg: মুখ্যমন্ত্ৰীৰ বাক্সা ভ্ৰমণৰ পৰা দিল্লীৰ বায়ু প্ৰদূষণলৈ দিনটোৰ শীৰ্ষ খবৰ

Zubeen Garg: মুখ্যমন্ত্ৰীৰ বাক্সা ভ্ৰমণৰ পৰা দিল্লীৰ বায়ু প্ৰদূষণলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Updated On: 21 Oct 2025 23:23 PM

বাক্সাত আৰক্ষীৰ গুলীত আহত হোৱা দুই ভুক্তভোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ভুক্তভোগীৰ পৰিয়ালক সাক্ষাত কৰে মুখ্যমন্ত্ৰীয়ে। লগতে চাওক বহুকেইটা খবৰ...

১. আজি বাক্সা জিলাৰ নিকাছিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ পদত্যাগ কৰিলে ৫০ শতাংশ প্ৰতিবাদ বন্ধ হ’ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী ৫০ শতাংশ প্ৰতিবাদ শেষ হ’ব। জুবিন গাৰ্গৰ অনুৰাগী সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

২. বাক্সাৰ প্ৰতিবাদ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক উত্তেজিত কৰাৰ অভিযোগ তুলিছে ডঃ শৰ্মাই। ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিবলৈ জনসাধাৰণক আহ্বান মুখ্যমন্ত্ৰীৰ।

৩. জুবিন গাৰ্গক ন্য়ায় দিব বিজেপিয়ে। এই প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গে ন্য়ায় নাপাব বুলি ভয় নাখাবলৈ ৰাইজক অনুৰোধ। প্ৰতিখন জিলা আৰু সমষ্টিত জুবিন গাৰ্গৰ নামত সংগীতৰ বিদ্যালয় স্থাপনৰো আশ্বাস ডঃ শৰ্মাৰ। গছ কটা সন্দৰ্ভত অপপ্ৰচাৰ চলা বুলি দাবী মুখ্যমন্ত্ৰীৰ।

৪. ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা ৮ বাংলাদেশীক ওভতাই পঠালে নিৰাপত্তাৰক্ষীয়ে। মুখ্যমন্ত্ৰীয়ে এক পোষ্টযোগে ঘোষণা কৰিছে এই কথা। তেওঁ কয় যে পৃথিৱীত ৭ টা আশ্চৰ্য্য আছে। ৮ নম্বৰ আশ্চৰ্য্য হৈছে অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত লুকাই-চুৰকৈ সোমাই মাটি দখল কৰিবলৈ চেষ্টা কৰা।

৫. বাক্সাত আৰক্ষীৰ গুলীত আহত হোৱা দুই ভুক্তভোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ভুক্তভোগীৰ পৰিয়ালক সাক্ষাত কৰে মুখ্যমন্ত্ৰীয়ে। দুয়োগৰাকী ভুক্তভোগীলৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান চৰকাৰৰ। বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

৬. দীপাৱলীৰ পাছতেই বিষাক্ত হৈ পৰিলে দিল্লীৰ বায়ু। অৱনতি ঘটিছে বায়ুৰ গুণাগুণ। ৩৭ টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ৩৪ টাত প্ৰদূষণৰ মাত্ৰা যঠেষ্ট বেছি। এই স্থানসমূহক ৰেড জ’ন ঘোষণা কৰা হৈছে। অতি বিপজ্জনক শাখাত অন্তৰ্ভুক্ত দিল্লীৰ কেবাটাও অঞ্চল।

লগতে চাওক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ