সন্দেহ! প্ৰাণৰ মমতাত আগে আগে দৌৰিল মাতৃ, পাছে পাছে কুঠাৰ হাতত লৈ পুত্ৰ, এক ভয়ংকৰ কাণ্ড…
এজন পুত্ৰই অতি নৃশংসভাৱে প্ৰাণ ল'লে মাতৃৰ। জানিব পৰা মতে, মাতৃৰ কাৰোবাৰ সৈতে অবৈধ প্ৰেম থকা বুলি সন্দেহ কৰিছিল পুত্ৰই। যাৰ বাবে কিশোৰজনে ভয়ংকৰ কাণ্ড সংঘটিত কৰে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৰ্তমান সময় যেন অধিক নৃশংস হৈ পৰিছে! আজিকালি আপোনজনে আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ এজন পুত্ৰই কেৱল সন্দেহৰ ভিত্তিত নিজ মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, মাতৃ অবৈধ প্ৰেমত লিপ্ত থকাৰ সন্দেহত কিশোৰ পুত্ৰই তেওঁৰ প্ৰাণ লয়। মঙলবাৰ (২১ অক্টোবৰ)য়ে নিশা এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত।
মৃত মহিলাগৰাকী ৪৫ বছৰীয়া মুকেশ বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, স্বামী জয়ভগৱানৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত মহিলাগৰাকীয়ে অকলে বাস কৰিছিল। তেওঁলোকৰ দুটা পুত্ৰ সন্তান আছে। ডাঙৰ পুত্ৰই প্ৰায় ৩ বছৰ পূৰ্বে অধ্যয়নৰ বাবে কানাডালৈ যায়, আনহাতে সৰু পুত্ৰই পেহীয়েকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল আৰু বৰ্তমান পিতৃৰ সৈতে থাকে।
ঘটনা সন্দৰ্ভত বুৰীয়া হৰিচন্দই কয় যে সৰু পুত্ৰই মাকৰ চৰিত্ৰক লৈ প্ৰায়ে সন্দেহ কৰিছিল আৰু ইয়াৰ পৰিণতিত তেওঁ মাতৃক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল। কালি নিশা অভিযুক্তই মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। মাতৃৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল আৰু পাছত কুঠাৰেৰে আক্ৰমণ কৰিছিল।
ঘটনাৰ সময়ত মহিলাগৰাকীয়ে ছাদৰ ওপৰেৰে পলাবলৈ চেষ্টা কৰিছিল যদিও সক্ষম নহয়। জানিব পৰা মতে, মহিলাগৰাকী প্ৰাণৰ মমতাত আগে আগে দৌৰে আৰু পাছে পাছে খেদি যায় পুত্ৰই। পাছত কিশোৰ পুত্ৰই তেওঁক অতি নৃশংসভাৱে কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা কৰে। মহিলাগৰাকীক মূৰ আৰু মুখত কেইবাবাৰো প্ৰহাৰ কৰে কিশোৰজনে। এই ঘটনাৰ উমান পাই লগে লগে ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীৰ মতে, অভিযুক্ত লাডোৱাৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা একাদশ শ্ৰেণীৰ ছাত্ৰ। প্ৰায় এবছৰ আগলৈকে তেওঁ পেহীয়েক সুমনৰ লগত থাকি তাতেই দশম শ্ৰেণীৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। পাছত তেওঁ পিতৃ আৰু খুড়াকৰ সৈতে থাকিবলৈ লয়। কিন্তু ইয়াৰ মাজতে কিশোৰজনৰ মনত মাতৃৰ প্ৰতি ঘৃণা ভাব গঢ় লৈ উঠিছিল। যাৰ পৰিণতিত তেওঁ মাতৃক হত্যা কৰিছিল। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ পত্নীয়ে খোলা নাছিল দুৱাৰ, আছিল নিচাত! CCTV ত বন্দী স্বামীৰ গাৰ নোম শিয়ৰি উঠা কাণ্ড…