অসমৰ প্ৰগতিৰ হকে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিবঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতে মোদীয়ে দিলে প্ৰতিশ্ৰুতি
পঞ্চায়ত নিৰ্বাচনত এন ডি এই লাভ কৰা এনে ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টটোত তেওঁ কয়, “এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচীত স্পষ্ট সমৰ্থন আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ।”

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বিৰোধীক সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি জয়লাভ কৰিছে শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে। সমগ্ৰ ৰাজ্যতে বিজেপি মিত্ৰজোঁটৰ সমুখত প্ৰায় ধূলিসাৎ হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ। জিলা পৰিষদৰ নির্বাচনত ৭৬.২২ শতাংশ ভোটৰ হাৰত ৩৯৭খন আসনৰ ভিতৰত ৩০০খন আসনতে শাসকীয় মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটে ২১৯২খন আসনৰ ভিতৰত ৬৬ শতাংশ ভোটৰ হাৰত ১৪৩৬খন আসন লাভ কৰে।
পঞ্চায়ত নিৰ্বাচনত এন ডি এই লাভ কৰা এনে ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টটোত তেওঁ কয়, “এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচীত স্পষ্ট সমৰ্থন আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ।”
Gratitude to the people of Assam for the unequivocal support for NDA’s development agenda. Our efforts to boost Assam’s progress will continue with full vigour. I would like to appreciate all NDA Karyakartas who worked among the people and effectively conveyed our development… https://t.co/P8TtMzmvfb
— Narendra Modi (@narendramodi) May 13, 2025
“অসমৰ প্ৰগতিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ জোৰদাৰ গতিৰে অব্যাহত থাকিব। ৰাইজৰ মাজত কাম কৰা আৰু আমাৰ উন্নয়নৰ কাৰ্যসূচী ফলপ্ৰসূভাৱে যোগাযোগ কৰা সকলো এন ডি এ কৰ্মীক মই শলাগ লৈছো।”- পোষ্টটোত লগতে এইদৰে উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মিত্ৰজোঁটৰ এই ঐতিহাসিক বিজয়ৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে।
গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিয়ে লাভ কৰা সমৰ্থনৰ এয়া প্ৰমাণ। সামাজিক মাধ্যম যোগে এক পোষ্ট শ্বেয়াৰ কৰি শ্বাহে কয়, “২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ঐতিহাসিক বিজয় প্ৰদান কৰাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ। এই জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন, যি অসমত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগ কঢ়িয়াই আনিছে।”
তদুপৰি তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু অসম বিজেপিৰ কৰ্মকৰ্তাসকলকো এই বিজয়ৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ বাৰ্তা প্ৰতিজন লোকৰ ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে নিষ্ঠাৰে প্ৰয়াস কৰাৰ বাবে অভিনন্দন জনাই গৃহমন্ত্ৰী শ্বাহে লগতে ‘একেলগে আমি সকলোৰে বাবে এখন উন্নত অসম গঢ়িম’ বুলি প্ৰতিশ্ৰুতি দিয়ে।
Gratitude to the people of Assam for granting the NDA a historic victory in the Panchayat Election 2025.
This victory is an endorsement of PM Shri @narendramodi Ji’s people-centric policies that have brought about a new era of peace and prosperity in Assam. My heartfelt… https://t.co/KGl2PKBo1C
— Amit Shah (@AmitShah) May 13, 2025