শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীঃ নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ…

Narendra Modi Assam Visit: ২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব।

২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীঃ নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ…
মোদীৰ অসম ভ্ৰমণ
barasha-sarma
Barasha Sarma | Published: 16 Dec 2025 15:03 PM

পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০ ডিচেম্বৰৰ বিয়লি ৩ বজাত কেইবাটাও কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। এই সময়চোৱাত মোদীয়ে বৰঝাৰত নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছতে ৭০ হাজাৰ জনতাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব তেওঁ। ইয়াক লৈ এতিয়া ব্যস্ত হৈ পৰিছে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকল।

ইয়াৰ মাজতে আজি দক্ষিণ কামৰূপ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পিয়ুজ হাজৰিকা। মোদীৰ সভালৈ দক্ষিণ কামৰূপৰ পৰা কিমান মানুহ নিব পাৰি এই বিষয়ে দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। সকলো কাম যাতে সুন্দৰকৈ হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰী হাজৰিকাই।

জানিব পৰা মতে, বিমান বন্দৰ মুকলি কৰাৰ লগতে গুৱাহাটীত প্ৰায় তিনিটাকৈ কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰলৈ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ যাব মোদী। বশিষ্ঠস্থিত এই কাৰ্যালয়ৰ পৰা ৪ কিলোমিটাৰৰ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। নিশা কইনা ধৰাত কটাই ২১ ডিচেম্বৰৰ পুৱা সতী সাধনী শান্তি উদ্যানলৈ গৈ ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰিব।

ইয়াৰ পাছতে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ অসম আন্দোলৰ ৫৬০ জন শ্বহীদ শ্ৰদ্ধাঞ্জলি জনাই ডিব্ৰুগড় লৈ উৰা মাৰিব। পৰৱৰ্তী সময়ত তেওঁ নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প উদ্বোধন কৰিব। মোদীয়ে নামৰূপত প্রায় ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আৰু ১২ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো অংশগ্ৰহণ কৰিব।

 

অন্য খবৰ পঢ়কঃ অৰ্হতা দশম উত্তীৰ্ণ! অসম আৰক্ষীত খালী ২৩৫০ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…