Jayanta Hazarika: চিৰসেউজ কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি মৃত্যুতিথি, ৰাণাদাক সশ্ৰদ্ধ স্মৰণ ৰাজ্যবাসীৰ
প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ অপ্ৰকাশিত কিছু সৃষ্টিৰাজি প্ৰকাশ কৰিবলৈ পৰিয়ালে এক প্ৰকল্প হাতত লৈছে। ‘সাৰ পাম মই পুৱতি নিশাতে’, ‘লুইতৰ বলিয়া বান’ আদিৰ দৰে বহু কেইটা কালজয়ী গীত উপহাৰ হিচাপে দি থৈ গৈছে শিল্পী গৰাকীয়ে ।

অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি মৃত্যুতিথি।জয়ন্ত হাজৰিকা অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেওঁ বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে। তেওঁ অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰিছিল। ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থাকে। সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেওঁ বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে। তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ দেখা যায়। স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেওঁৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয়।
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল। ঘৰত সকলোৱে ৰাণা বুলি মৰমতে মাতে। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড॰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত থকা কালত নীলকান্ত হাজৰিকাৰ পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্তৰ জন্ম হয়। সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে।
জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকাই। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি আৰম্ভ হৈছিল। ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰপৰা পঁচিছ টকা লৈ ঘৰৰপৰা নিৰুদ্দেশ হৈছিল। পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল। এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল।
১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক (বিয়াৰ আগতে মণীষা সেনগুপ্ত) বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত। ১৯৭৭ চনত নতুন আশা বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয় তেওঁৰ পত্নী মনীষা হাজৰিকাই তেওঁৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰে।
দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি মৃত্যু বাৰ্ষিকী। ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে সুঁৱৰিছে গণ শিল্পীগৰাকীক ৷ ভিন্ন প্ৰান্তত গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় । ৰাতিপুৱা ভাগত গুৱাহাটীৰ চানমাৰিত থকা জয়ন্ত হাজৰিকা উদ্যানত শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট কৰি প্ৰয়াত শিল্পীগৰাকীক সোঁৱৰি লিখিছে- আমাৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাদেৱৰ আজি পুণ্য তিথি। ‘ৰাণাদা’ৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক দিছিল এক নতুন আয়তন। প্ৰতিটো প্ৰজন্মৰ সিৰাই সিৰাই প্ৰবাহিত হৈ থকা জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহে তেখেতক প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত জীয়াই ৰাখিব চিৰদিন-চিৰকাল। পুণ্যতিথিত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।
আমাৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাদেৱৰ আজি পুণ্য তিথি। ‘ৰাণাদা’ৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক দিছিল এক নতুন আয়তন। প্ৰতিটো প্ৰজন্মৰ সিৰাই সিৰাই প্ৰবাহিত হৈ থকা জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহে তেখেতক প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত জীয়াই ৰাখিব চিৰদিন-চিৰকাল।… pic.twitter.com/PzmxxKlXCN
— Himanta Biswa Sarma (@himantabiswa) October 15, 2024
জয়ন্ত হাজৰিকাই ‘মোৰ মিনতি..’, ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ , ‘সোণাৰ বৰণ পাখীৰে তোৰ ‘, ‘জীৱনটো যদি অভিনয় হয়’ আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল। হাজৰিকাই তবলা, মাউথ অৰ্গেন, গীটাৰ, ডুমৰা, মেণ্ডোলিন, এক’ৰ্ডিয়ানকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল। জয়ন্ত হাজৰিকাই দুটা অক্টেভত হাৰ্মোনিয়াম বজাবলৈকো জানিছিল।