শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মৰ্মান্তিক! কাৰখানাত কাম কৰি থকা অৱস্থাত বিস্ফোৰণ, মৃত্যু ৩৭ জন শ্ৰমিকৰ, আহত ৩৫ জন…

এক মৰ্মান্তিক ঘটনা। কেমিকেল ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ ফলত মৃত্যু হয় প্ৰায় ৩৭ জন শ্ৰমিকৰ, লগতে আহত হয় ৩৫ জনৰো অধিক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰ্মান্তিক!  কাৰখানাত কাম কৰি থকা অৱস্থাত বিস্ফোৰণ, মৃত্যু ৩৭ জন শ্ৰমিকৰ, আহত ৩৫ জন…
কাৰখানাটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 01 Jul 2025 10:19 AM

এক মৰ্মান্তিক ঘটনা! কেমিকেল ফেক্টৰীত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত মৃত্যু হয় ৩৭ জন শ্ৰমিকৰ, লগতে আহত ৩৫ জনৰো অধিক। হাস্পাতালত ভৰ্তি হৈ থকা শ্ৰমিক কেইজনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। সোমবাৰে কাৰখানাটোৰ ৰিয়েক্টৰত বিস্ফোৰণ ঘটি এই অগ্নিকাণ্ড সংঘটিত হয়। মূহুৰ্ততে অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটো বিয়পি পৰে, যাৰ ফলত এইসকল শ্ৰমিকৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ সাংগাৰেড্ডী জিলাৰ এটা চিগাচি কেমিকেল ফেক্টৰীত।

প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে কাৰখানাটোৰ চাদৰ ধ্বংসাৱশেষ উৰি ওচৰৰ গছত পৰিল। ঘটনা সন্দৰ্ভত এজন শ্ৰমিকে কয় যে, তেওঁলোকে ব্ৰেকফাষ্ট কৰি কাম কৰিবলৈ ফেক্টৰীটোত প্ৰৱেশ কৰিছিল আৰু তেতিয়াই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। তাৰ পাছতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু চাৰিওফালে জুই বিয়পি পৰে। ওচৰৰ কাৰখানাত কাম কৰা আন এজন শ্ৰমিকে কয় যে, বিস্ফোৰণৰ শব্দ শুনি তেওঁলোক শংকিত হৈ পৰিছিল। আধা কিলোমিটাৰ পৰ্যন্ত খিৰিকী ভাঙি কাঁচবোৰ চিটিকি পৰিছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিস্ফোৰণৰ পাছতে শ্ৰমিকসকলে ইফালৰ পৰা সিফাললৈ দৌৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰপাছতো বহু শ্ৰমিকৰ মৃত্যু হয়। বহু শ্ৰমিকৰ আত্মীয়ই এতিয়াও তেওঁলোকৰ মৃত্যুৰ তথ্য লাভ কৰা নাই। ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দলসমূহ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে, লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰে। তাৰ পাছত ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষসমূহ আঁতৰ কৰাৰ কাম কৰে।

ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে মঙলবাৰে সেই স্থানত উপস্থিত হ’ব বুলি কয়। তেওঁ কয় যে, ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে সাহায্য কামৰ পৰ্যালোচনাও কৰিব। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী চি দামোদৰ ৰাজা নৰসিংহই কয় যে আহতসকলক সৰ্বোত্তম চিকিৎসা প্ৰদান কৰা হৈছে। তেওঁ কয় যে গুৰুতৰভাৱে আহত শ্ৰমিকসকলক ছুপাৰ স্পেচিয়েলিটি প্ৰাইভেট হস্পিতালত ভৰ্তি কৰা হৈছে।

জানিব পৰা মতে, এই কাৰখানাত কৰ্মৰত শ্ৰমিকসকল তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে ওড়িশা, বিহাৰ, পশ্চিম বংগ আদি ৰাজ্যৰ। বিস্ফোৰণৰ শব্দ শুনাৰ ঘটনাস্থলীত আত্মীয় উপস্থিত হয়। এতিয়াও বহু লোকে ফেক্টৰীটোত কাম কৰা তেওঁলোকৰ আপোনজনৰ খবৰ লাভ কৰা নাই।

আন এগৰাকী মহিলা মলেশ্বৰীয়ে কয় যে তেওঁৰ স্বামী বালকৃষ্ণই এই কাৰখানাত কাম কৰে আৰু তেওঁ নিৰুদ্দেশ হৈছে। বৰ্তমান সময়ত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। এই ঘটনাৰ পাছতে এতিয়া পুনৰ ঔদ্যোগিক সুৰক্ষাৰ মানদণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ শ্ৰমিকে কাম কৰি থকা অৱস্থাত কাৰখানাত বিস্ফোৰণ! মৃত্যু ৮ জনৰ, আহত প্ৰায় ২৬জন…