শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সঘনাই প্ৰস্ৰাৱ অহা, ভোক নলগা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু যেতিয়া বৃক্কত সমস্যাৰ সৃষ্টি হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াক চিনাক্ত কৰি বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

সঘনাই প্ৰস্ৰাৱ অহা, ভোক নলগা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…
প্ৰস্ৰাৱ সংক্ৰমণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 01 Jul 2025 11:07 AM

বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, ই তেজত থকা বিষাক্ত পদাৰ্থবোৰ ফিল্টাৰ কৰি শৰীৰৰ পৰা আঁতৰাই পেলায়। লগতে পানী আৰু ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যেতিয়া বৃক্ক দুৰ্বল বা ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে তেতিয়া শৰীৰে বহু ধৰণৰ সংকেত দিবলৈ আৰম্ভ কৰে। ইয়াৰ ভিতৰত সঘনাই প্ৰস্ৰাৱ অহা, ভোক নলগা আদি। গতিকে এই লক্ষণবোৰ আওকান কৰা উচিত নহয়।

দিল্লীৰ সফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ ডাঃ হিমাংশু বাৰ্মাই কয় যে, সঘনাই প্ৰস্ৰাৱ কৰাৰ বহু কাৰণ থাকিব পাৰে। ই বৃক্কৰ সমস্যাৰ লক্ষণ হ’ব পাৰে, ইয়াৰ বাহিৰেও আন বহুতো কাৰণ থাকিব পাৰে যাৰ বাবে সঘনাই প্ৰস্ৰাৱ আহিব পাৰে। অত্যধিক পানী খোৱা, ঠাণ্ডা বতৰ, ডায়েবেটিছ, প্ৰস্ৰাৱৰ সংক্ৰমণ, পুৰুষৰ প্ৰষ্টেট সম্পৰ্কীয় সমস্যা বা কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও সঘনাই প্ৰস্ৰাৱ কৰা হ’ব পাৰে।

বাৰে বাৰে প্ৰস্ৰাৱ অহা

ডাঃ হিমাংশু বাৰ্মাই কয় যে, যেতিয়া বৃক্ক দুৰ্বল হ’বলৈ আৰম্ভ কৰে তেতিয়া ই তেজ সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে। ইয়াৰ ফলত শৰীৰৰ পানী আৰু প্ৰদূষক পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত হয়। বৃক্কৰ সমস্যাৰ আৰম্ভণিতে প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়িব পাৰে। কিন্তু যেতিয়া বৃক্ক বেয়া হ’বলৈ আৰম্ভ কৰে তেতিয়া প্ৰস্ৰাৱৰ পৰিমাণ কমি যাব পাৰে,লগতে প্ৰস্ৰাৱত ফেন বা তেজ আহিব পাৰে। ইমানেই নহয়, প্ৰস্ৰাৱৰ ৰং অস্বাভাৱিক হৈ পৰে।

ভোক নলগাও বৃক্ক বিকল হোৱাৰ অন্যতম লক্ষণ বুলি ক’ব পাৰি। কিন্তু যেতিয়া বৃক্কই সঠিকভাৱে কাম কৰিব নোৱাৰে তেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত বমি,  মুখত বেয়া সোৱাদৰ দৰে সমস্যা হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ অহা আৰু ভোক নলগা আদিৰ উপৰি বৃক্কৰ সমস্যাৰ আন লক্ষণো থাকিব পাৰে। ভৰি, গোৰোহা বা মুখমণ্ডল ফুলা, অহৰহ ভাগৰুৱা আৰু দুৰ্বলতাও বৃক্কৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ লগতে উশাহ-নিশাহৰ সমস্যা বা মূৰ ঘূৰোৱা, ছালত খজুৱতি, ছাল শুকান হোৱা, ৰক্তচাপ বৃদ্ধি আদি লক্ষণ থাকিব পাৰে।

চিকিৎসকক কেতিয়া লগ কৰিব

যদি লক্ষণসমূহ ১ৰ পৰা ২ সপ্তাহতকৈ বেছি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজন। ইয়াৰোপৰি যদি প্ৰস্ৰাৱত ফেন থাকে, তেজ থাকে, জলা-পোৰা বা বিষ হয়, প্ৰস্ৰাৱৰ ৰং অস্বাভাৱিক হৈ পৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। শৰীৰত ফুলা, ভাগৰুৱা হোৱা, উশাহ লোৱাত কষ্ট পোৱা, বমি হোৱা বা দ্ৰুত ওজন কমি যোৱাও বৃক্কৰ সমস্যাৰ লক্ষণ হ’ব পাৰে, এই কথাও আওকাণ কৰা উচিত নহয়। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগীয়ে নিয়মিতভাৱে চিকিৎসকৰ ওচৰলৈ যাব লাগে।

পৰিত্ৰাণ

বৃক্কৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগিব। লগতে ফলমূল, শাক-পাচলি, কম নিমখ আৰু কম প্ৰটিনযুক্ত খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। নিয়মীয়াকৈ ব্যায়াম কৰাটো ভাল। ৰক্তশৰ্কৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিও কিডনী সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিব পাৰি।

 

 

অন্য খবৰ পঢ়কঃ বৃক্কত ক্ৰিয়েটিনিন বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…