পথত শালিকা দেখাটো সঁচাকৈয়ে অশুভ নেকি! কি কয় জ্যোতিষে?

1 July 2025

TV9 ASSAM

পথত যিকোনো সময়ত শালিকা চৰাই দেখা পোৱাটো স্বাভাৱিক। কিন্ত পৰীক্ষা বা কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যোৱাৰ সময়ত এটা শালিকা দেখিলে অশুভ হিচাপে বহু লোকে গণ্য কৰে।

শালিকা

জনবিশ্বাস মতে ৰাতিপুৱা শালিকা দেখাটো দুৰ্ভাগ্যৰ ইঙ্গিত। এটা শালিকা দেখা পালে কৰ্মসিদ্ধি নহয় বা ভাগ্য সুপ্ৰসন্ন নহয় বুলি লোকবিশ্বাস প্ৰচলিত।

বিশ্বাস

একেদৰে বহুলোকে এযোৰ শালিকা চৰাই দেখা পোৱাটো শুভ বুলি বিশ্বাস কৰে। যদি এযোৰ শালিকা দেখা পায়, তেতিয়া আপুনি যি কামত আগবাঢ়িছে তাৰ ফল ভাল হ’ব বুলি কোৱা হয়।

শুভ

বহু প্ৰাচীন গ্ৰন্থত উল্লেখ আছে যে কিছুমান প্ৰাণী আৰু চৰাইয়ে মানুহৰ ভাগ্যৰ পথ ঘূৰাব পাৰে। লোকবিশ্বাস অনুসৰিও এই কথা প্ৰচলিত হৈ আহিছে।

ভাগ্য

পিছে শালিকা চৰাইয়ে সঁচাকৈয়ে কোনো লোকৰ ভাগ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে নে নোৱাৰে সেই সম্পৰ্কে জ্যোতিষ শাস্ত্ৰত কোনো তথ্য পোৱা নাযায়।

জ্যোতিষ

পুৱা ঘৰৰ ওচৰত বা বাহিৰত শালিকা চৰাই দেখা পোৱাটো অশুভ হিচাপে গণ্য কৰা বুলি কোনো বৈজ্ঞানিক ব্যাখ্যাও দেখিবলৈ পোৱা নাযায়।

বৈজ্ঞানিক

এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ জনবিশ্বাসৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজাকৈ কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

ঘৰৰ সন্মুখত কাউৰীয়ে চিঞৰাটো অশুভ নেকি