Invest Money: মাত্ৰ ৪৪৪ দিনতে হ’ব দেখিব বিপুল লাভৰ মুখ! এই আঁচনিৰ কথা জানেনে আপুনি?
বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ যুগত সঞ্চয়েই একমাত্ৰ পথ নহয়। সঞ্চয়ৰ সমান্তৰালকৈ বিনিয়োগৰ কথাও চিন্তা কৰিব লাগিব। কষ্টোপাৰ্জিত ধন সঠিক দিশত বিনিয়োগ কৰি অধিক ধন উপাৰ্জনৰ চিন্তা-চৰ্চা কৰিব পাৰে। সাধাৰণতে বিনিয়োগৰ কথা আহিলে ষ্ট’ক মাৰ্কেট বা ক্ৰিপ্ট’ৰ কথাই মনলৈ আহে। পিছে এইক্ষেত্ৰত হাতত আছে আৰু এক বিকল্প।

ভৱিষ্যতৰ সুৰক্ষাৰ বাবে ধনৰ সঞ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ। পিছে বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ যুগত সঞ্চয়েই একমাত্ৰ পথ নহয়। সঞ্চয়ৰ সমান্তৰালকৈ বিনিয়োগৰ কথাও চিন্তা কৰিব লাগিব। কষ্টোপাৰ্জিত ধন সঠিক দিশত বিনিয়োগ কৰি অধিক ধন উপাৰ্জনৰ চিন্তা-চৰ্চা কৰিব পাৰে। সাধাৰণতে বিনিয়োগৰ কথা আহিলে ষ্টক মাৰ্কেট বা ক্ৰিপ্ট’ৰ কথাই মনলৈ আহে। পিছে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে কেতিয়াবা মাৰ্কেটত খহনীয়া হোৱাৰ সম্ভাৱনা থাকে। একেদৰে ক্ৰিপ্ট’ত বিনিয়োগ কৰাটোও বহু সময়ত চিন্তনীয় হৈ উঠিব পাৰে।
গতিকে চিন্তা নোহোৱাকৈ সঞ্চয়ৰ লগতে উপাৰ্জনৰো এক সঠিক দিশ আছে, সেয়া হৈছে ফিক্সড ডিপ’জিট। তথ্য অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ অমৃত বৃষ্টি আঁচনিৰ সৰ্বোচ্চ সুতৰ হাৰ হৈছে ৭.১০ শতাংশ। মুঠ ৪৪৪ দিনীয়া এই আঁচনিখনত সাধাৰণ লোকসকলে লাভ কৰে ৬.৬০ শতাংশ সুত। আনহাতে জ্যেষ্ঠ নাগৰিকে লাভ কৰে ৭.১০ শতাংশ সুত।
অৰ্থাৎ এজন সাধাৰণ ব্যক্তিয়ে ১০ লাখ টকা জমা কৰিলে ৪৪৪ দিনৰ পাছত ১০ লাখ ৮২ হাজাৰ ৮৮৬ টকা লাভ কৰিব। একেদৰে এজন জ্যেষ্ঠ নাগৰিকে যদি এই আঁচনিৰ অধীনত ১০ লাখ টকা জমা কৰে তেতিয়া তেওঁ সৰ্বমুঠ ১০ লাখ ৮৯ হাজাৰ ৩৮১ টকা লাভ কৰিব।
বেংক অৱ বৰোদা আৰু কানাৰা বেংকেও ৪৪৪ দিনীয়া আঁচনিখনত একেধৰণৰ সুতৰ হাৰ আগবঢ়ায়। আনহাতে পঞ্জাৱ নেচনেল বেংকৰ এনে ৪৪৪ দিনীয়া আঁচনি নাই যদিও বেংকটোৱে ৩৯০ দিনীয়া আঁচনি আগবঢ়ায়। এই আঁচনিখনত সাধাৰণ লোকসকলে ৬.৭ শতাংশ আৰু জ্যেষ্ঠ নাগৰিকে ৭.২০ শতাংশ সুতৰ হাৰ লাভ কৰে।
অৰ্থাৎ কোনো সাধাৰণ লোকেই যদি ১০ লাখ টকাৰ ফিক্সড ডিপ’জিট কৰে, তেতিয়া তেওঁ নিৰ্ধাৰিত সময়ৰ পিছত ১০ লাখ ৭৩ হাজাৰ ৫৭৭ টকা লাভ কৰিব। আনহাতে, কোনো জ্যেষ্ঠ নাগৰিকে যদি এই আঁচনিখনত ১০ লাখ টকা জমা ৰাখে, তেতিয়া তেওঁ ১০ লাখ ৭৯ হাজাৰ ২৩০ টকা লাভ কৰিব।
অৱশ্যে আপুনি যদি কোনো স্থানত এইদৰে বিনিয়োগ কৰিব বিচাৰে, তেতিয়া সেই বিষয়ত প্ৰথমে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰি লোৱা উচিত। এই লেখা কেৱল শিক্ষা তথা তথ্য প্ৰদানৰ উদ্দেশ্যেহে প্ৰস্তুত কৰা হৈছে। TV9 Assam-এ বিনিয়োগৰ ক্ষেত্ৰত নিজাকৈ কোনো পৰামৰ্শ আগনবঢ়ায়।