আজি প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন, দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ২১ ডিচেম্বৰ, দেওবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২১ ডিচেম্বৰ দিনটোৰ আৰম্ভণিতে বিভিন্ন বিদ্যালয়ৰ ২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে মোদীয়ে মত বিনিময় কৰিব। এই উপলক্ষে তেওঁ ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজ জাহাজ ‘চৰাইদেউ’ত যাত্ৰা কৰি প্ৰায় আধা ঘণ্টা ধৰি ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইফালে, ছবছৰীয়া অসম আন্দোলনৰ সময়ত মৃত্যু হোৱা ৮৬০ জন লোকৰ স্মৃতিত নৱনিৰ্মিত ‘ছহিদ স্মাৰক ক্ষেত্ৰ’ত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
- গুৱাহাটীৰ কাৰ্যসূচী সামৰি নামৰূপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই ভ্ৰমণ কালতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ নামৰূপত ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আনুমানিক ১০,৬০০ কোটি টকাৰ অধিক বিনিয়োগেৰে এই প্ৰকল্পটো ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ বৰ্তমানৰ চৌহদৰ ভিতৰত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডে (এভিএফচিএল) স্থাপন কৰিব।
- বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এক ভিডিঅ’বাৰ্তাযোগে বাংলাদেশত হিন্দু যুৱকক হত্যা কৰা ঘটনাক গৰিহণা দিয়ে নেতাগৰাকীয়ে। ইফালে অসম জাতীয় পৰিষদেও বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।
- শনিবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমবাৰে বাজপেয়ী ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। তেওঁ এই ভ্ৰমণকালতে দলটোৰ প্ৰায় ২৮০ জন নেতাৰ সৈতে এক কৌশলগত বৈঠকৰ অধ্যক্ষতা কৰে বুলি জানিব পৰা গৈছে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বৈঠক অতি গুৰুত্বপূৰ্ণ গৰিগণিত হৈছে।
- আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয়া গোপীনাথ বৰদলৈ বিমানবন্দৰত নতুন টাৰ্মিনেল উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য দিয়াৰ সৌভাগ্য লাভ কৰা বুলি কয়। আদানী বিমানবন্দৰ হোল্ডিংছ লিমিটেডৰ নেতৃত্বত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে এই টাৰ্মিনেলটো নিৰ্মাণ কৰিছে। আদানীয়ে এক্সত পোষ্ট কৰি কয় যে,”গুৱাহাটী বিমানবন্দৰত নতুন টাৰ্মিনেল উদ্বোধন অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য দিয়াৰ সৌভাগ্য লাভ কৰিলোঁ।”
- এন আই এৰ বিশেষ আদালতে ২০১২ চনত বুডগাম থানাত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৫০৬ ধাৰাত পঞ্জীয়ন হোৱা সন্ত্ৰাসবাদী গোচৰত হিজবুল মুজাহিদীনৰ নেতা চৈয়দ ছালাহুদ্দিনৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। বুডগামৰ ছৈয়বোৰ বাসিন্দা ছালাহুদ্দিনে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পাকিস্তানলৈ পলায়ন কৰা বুলি আদালতে এই ৱাৰেণ্ট জাৰি কৰে।