এই পাঁচ বিধ শাক-পাচলিয়ে পূৰণ কৰিব আইৰণৰ অভাৱ

December 20, 2025

TV9 ASSAM

শৰীৰৰ অত্যাৱশ্যকীয় খনিজ পদাৰ্থ হৈছে আইৰণ। বিশেষজ্ঞসকলে কয় যে, পৰ্যাপ্ত পৰিমাণৰ আইৰণ অবিহনে শৰীৰে পৰ্যাপ্ত পৰিমাণে সুস্থ ৰক্তকণিকা উৎপন্ন কৰিব নোৱাৰে।

আইৰণ অভাৱ

আইৰণৰ অভাৱৰ ফলত ক্লান্তি, দুৰ্বলতা, একাগ্ৰতা কম, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। গতিকে আইৰণৰ উত্তম উৎস বুলি গণ্য কৰা এই পাঁচ বিধ শাক-পাচলি খাব পাৰে।

কি হয় ?

আইৰণৰ বাবে চজিনা পাত খাদ্যৰ আঞ্জাত ব্যৱহাৰ কৰিব পাৰে। দালিৰ লগতে চজিনাৰ পাত খাব পাৰে। ইয়াৰ চাটনি বনাব পাৰি। 

চজিনা পাত

আইৰণৰ অভাৱ দূৰ কৰিবলৈ ৰঙা মৰিচা শাক খাব পাৰে। এই শাক জোল বনাই খাব পাৰে বা ভাজি বনাই খাব পাৰে। এই শাক বিধ স্বাস্থ্যৰ বাবে অতি উত্তম।

ৰঙা মৰিচা শাক

আইৰণৰ বাবে পালেং শাক উপকাৰী। এই শাক বিভিন্ন প্ৰকাৰে খাব পাৰি। আমাৰ অসমীয়া লোকসকলে প্ৰায়ে দালিৰ জলৰ পালেং শাকৰ জোল খায়।

পালেং শাক

নেমু বা আমলখি দি খালী পেটত ইয়াৰ ৰস সেৱন কৰিব পাৰে। ই আৰণৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে। ইয়াক চালাড বনাই খাব পাৰে।

বিট

আইৰণৰ অভাৱ দূৰ কৰাৰ বাবে তালিকাত ব্ৰকলি অন্তৰ্ভুক্ত কৰক। বইল আঞ্জাৰ লগত ব্ৰকলি অন্তৰ্ভুক্ত কৰিব পাৰে।

ব্ৰকলি

পঢ়িবলৈ ক্লিক কৰক

ব্যায়াম নকৰাকৈ শৰীৰৰ ওজন কমোৱা টিপছ