ডবল ইঞ্জিন চৰকাৰৰ অধীনত অসমত ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰবাহমান উন্নয়নৰ ধাৰা: নৰেন্দ্ৰ মোদী
মোদীয়ে লগতে কয়, "এয়া উত্তৰ-পূবৰ বিকাশৰ উৎসৱ। অসম আৰু উত্তৰ-পূৰ্বৰ সৈতে গভীৰ আৱেগিক সংযোগে মোক অনুপ্ৰাণিত কৰি ৰাখিছে। অসমৰ মাটিৰ প্ৰতি মোৰ মোহ, ইয়াৰ ৰাইজৰ মৰম আৰু মৰম, আৰু বিশেষকৈ অসম তথা উত্তৰ-পূবৰ মাতৃ-ভগ্নীসকলৰ মৰমে মোক অহৰহ অনুপ্ৰাণিত কৰে আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে আমাৰ সংকল্পক শক্তিশালী কৰি তোলে।"
দুদিনীয়া ভ্ৰমণসূচীৰে ২০ ডিচেম্বৰত অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমান বন্দৰত উপস্থিত হৈ প্ৰথমে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰি অসমৰ উন্নয়ন যাত্ৰাৰ আন এক মাইলৰ খুঁটি বুলি অভিহিত কৰে।
উদ্বোধনী অনুষ্ঠানৰ পাছত এখন জন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “ আজি অসমৰ বিকাশৰ নতুন অধ্যায় আৰম্ভ হৈছে।” ভাৰতৰত্ন ভূপেন হাজৰিকাৰ এটি গীতৰ কলি আওৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ। অসমত ব্ৰহ্মপুত্ৰ নদী যেনেকৈ অবিৰতভাৱে বৈ আছে, ঠিক তেনেদৰে ইয়াত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়নৰ ধাৰা নিৰৱচ্ছিন্নভাৱে বৈ আছে।”
মোদীয়ে লগতে কয়, “এয়া উত্তৰ-পূবৰ বিকাশৰ উৎসৱ। অসম আৰু উত্তৰ-পূবৰ সৈতে গভীৰ আৱেগিক সংযোগে মোক অনুপ্ৰাণিত কৰি ৰাখিছে। অসমৰ মাটিৰ প্ৰতি মোৰ মোহ, ইয়াৰ ৰাইজৰ মৰম বিশেষকৈ অসম তথা উত্তৰ-পূবৰ মাতৃ-ভগ্নীসকলৰ মৰমে মোক অহৰহ অনুপ্ৰাণিত কৰে আৰু ৰাজ্যখনক উন্নয়নৰ বাবে আমাৰ সংকল্পক শক্তিশালী কৰি তোলে।”
বৰঝাৰ বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় “গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। অসমৰ গৌৰৱ, অসমৰ পৰিচয়, অসমৰ ভৱিষ্য আৰু অসমৰ উন্নতি ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নাছিল। তেওঁ এই প্ৰতিমূৰ্তিয়ে নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ থাকিব।”
প্ৰধানমন্ত্ৰীয়ে কয়, “নতুন টাৰ্মিনেল উদ্বোধনে অসমৰ বিকাশৰ কাহিনীৰ এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছে আৰু ইয়াৰ ফলত উত্তৰ-পূবৰ সংযোগ, পৰ্যটন, আৰু অৰ্থনৈতিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাব। উন্নীতকৃত টাৰ্মিনেলে যাত্ৰী পৰিচালনা ক্ষমতা বৃদ্ধি কৰাৰ লগতে ভ্ৰমণৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মূল প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ ভূমিকাক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।”
কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অসমৰ সৈতে এতিয়াহে ন্যায় হৈছে। কংগ্ৰেছৰ বাবে অসম আৰু উত্তৰ-পূব বিকাশ এজেণ্ডাত নাছিল। কংগ্ৰেছে কৈছিল অসম, উত্তৰ-পূবলৈ কোন যায়? কংগ্ৰেছে কৈছিল অসমত আধুনিক ৰে’ল, বিমানৰ কি দৰকাৰ? কংগ্ৰেছে ৭ দশক ধৰি অসমত যিবোৰ ভুল কৰিছে, মোদীয়ে সেই ভুল এটা এটাকৈ শুধৰাই আছে। মোদীয়ে কয় কংগ্ৰেছে অসম যাওক বা নাযাওক মই অসমলৈ আহিলে নিজৰ মানুহৰ মাজত থকা যেন অনুভৱ হয়। মোদীৰ বাবে অসমৰ বিকাশ প্ৰয়োজন আৰু দায়িত্ব দুয়োটাই।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়, “বিগত ১১ বছৰত অসমত লাখ কোটি টকা বিনিয়োগ হৈছে। আজি অসম আগুৱাই গৈছে আৰু নতুন কীৰ্তি স্থাপন কৰিছে। মোৰ জানি ভাল লাগিছে যে ভাৰতীয় ন্যায় সংহিতা বলৱতৰ ক্ষেত্ৰত ভাৰতে প্ৰথম ৰাজ্য হৈছে। অসমে ৫০ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ লগাই অভিলেখ গঢ়িছে”। তেওঁ কয়, “কংগ্ৰেছৰ দিনত অসমত প্ৰথমে বিনা পইচাত চৰকাৰী চাকৰি পোৱা অসম্ভৱ আছিল, কিন্তু আজি অসমত এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে।” লগতে কয়, “বিজেপিয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে যথেষ্ট কাম কৰিছে।”
কংগ্ৰেছৰ ওপৰত আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ” কংগ্ৰেছে অসমৰ পৰিচয় নিচিহ্ন কৰাৰ চেষ্টা কৰিছিল। কংগ্ৰেছৰ দিনত অসমক পূব পাকিস্তানৰ অংশ হিচাপে গঢ়ি তোলাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। তেতিয়া বৰদলৈয়ে নিজৰ দলৰ বিপক্ষে থিয় দিছিল।” তেওঁ এই ষড়যন্ত্ৰৰ বিৰোধীতা কৰিছিল অসমক ৰক্ষা কৰিছিল।”
লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, মুকলি কৰিলে বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল