শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ, উপস্থিত ২৮০ জন দলীয় নেতা…

প্ৰথমবাৰে বাজপেয়ী ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। তেওঁ এই ভ্ৰমণকালতে দলটোৰ প্ৰায় ২৮০ জন নেতাৰ সৈতে এক কৌশলগত বৈঠকৰ অধ্যক্ষতা কৰে বুলি জানিব পৰা গৈছে।

বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ, উপস্থিত ২৮০ জন দলীয় নেতা…
manas-borah
Manas Borah | Published: 20 Dec 2025 19:13 PM

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমবাৰে বাজপেয়ী ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। তেওঁ এই ভ্ৰমণকালতে দলটোৰ প্ৰায় ২৮০ জন নেতাৰ সৈতে এক কৌশলগত বৈঠকৰ অধ্যক্ষতা কৰে বুলি জানিব পৰা গৈছে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বৈঠক অতি গুৰুত্বপূৰ্ণ গৰিগণিত হৈছে।

কোৱা হৈছে যে,২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰায় ২৮০ জন দলীয় নেতাৰ সৈতে কৌশলগত বৈঠক অনুষ্ঠিত কৰিবলৈ শনিবাৰে সন্ধিয়া গুৱাহাটীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইৰ পৰা ৩.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বৃহৎ ৰোডশ্ব’ৰ নেতৃত্ব দি মহানগৰীৰ বশিষ্ঠত অৱস্থিত বাজপেয়ী ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।

ইয়াৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই ভ্ৰমণৰ সময়ত তেওঁ দলীয় নেতাৰ সৈতে বৈঠকত মিলিত হোৱা কথা অৱগত কৰিছিল। ২০২২ চনৰ অক্টোবৰ মাহত বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাজপেয়ী ভৱন উদ্বোধন কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথমটো ভ্ৰমণ।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ দেৱান ধ্ৰুব জ্যোতি মৰলে পূৰ্বে কয় যে, এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ৰুদ্ধদ্বাৰ বৈঠকৰ অধ্যক্ষতা কৰিব। এই বৈঠকত উপস্থিত থাকিব দলটোৰ ২৮০ গৰাকী নেতা। আমন্ত্ৰিতসকলৰ ভিতৰত আছে দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদ, মন্ত্ৰী, বিধায়ক।

দুদিনীয়া ৰাজ্য ভ্ৰমণৰ বাবে বিয়লি গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। উপস্থিত হোৱাৰ পাছতে তেওঁ ৰাজ্যৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু বিমানবন্দৰৰ নতুন টাৰ্মিনেল উন্মোচন কৰে আৰু এই উপলক্ষে এখন ৰাজহুৱা সভাত ভাষণ দিয়ে।