শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাংলাদেশত অস্থিৰতা! সীমান্তত কঠোৰ সতৰ্কতা জাৰি ভাৰতীয় সেনাৰ

বাংলাদেশত অস্থিৰতা! সীমান্তত কঠোৰ সতৰ্কতা জাৰি ভাৰতীয় সেনাৰ

raj-saikia
Raj Saikia | Published: 20 Dec 2025 19:38 PM

যিহেতু মৌলবাদী সংগঠনসমূহে উত্তৰ-পূব ভাৰতক লক্ষ্য কৰি লোৱাৰ কথা বাৰে বাৰে কৈছে, এনে পৰিস্থিতিত নগালেণ্ড-মণিপুৰ-মিজোৰামৰ এই তিনিওটা প্ৰান্তত যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে বৈঠকত কঠোৰ চোৰাংচোৱাগিৰিৰ নিৰ্দেশ দিয়া হয়।

বিক্ষোভৰ জুইত জ্বলি আছে বাংলাদেশ। উত্তৰ-পূব ভাৰতক বাৰে বাৰে ভাবুকি দিছে বাংলাদেশৰ ছাত্ৰ নেতাই। এনে পৰিস্থিতিত বি এছ এফ, ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰামচন্দৰ তিৱাৰী। ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ আছাম ৰাইফলছৰ অপাৰেটিং বেছত তেওঁ অনুষ্ঠিত কৰে এই বৈঠক। বিএছএফ, ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ বিষয়াৰ উপৰিও বিশেষ বাহিনীৰ সেনাৰ বিষয়াও এই বৈঠকত উপস্থিত থাকে।

সূত্ৰ অনুসৰি সীমান্তৰ প্ৰতিটো চুক-কোণত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে এই বৈঠকত। কেৱল বিএছএফক চোৰাংচোৱাৰ দায়িত্ব দিয়াই নহয়, ভাৰত-বাংলাদেশ সীমান্তত সেনা আৰু বিশেষ বাহিনীকো অহৰহ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ কাৰ্যকলাপ বৃদ্ধিৰো নিৰ্দেশ দিয়ে সেনা বিষয়াগৰাকীয়ে।