‘কেইটামান দিনৰ পিছত A ফৰ্ আপেল বুলি নক’ব A ফৰ্ অসম বুলি ক’ব’ -হিমন্ত বিশ্ব শৰ্মা
আজি প্ৰধানমন্ত্ৰী মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে ৮০ ফুট উচ্চতাৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোতন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আয়োজিত অনুষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰীয়ে কৈছিল A ফৰ্ অসম হ’ব লাগে। আজি আমি সকলোৱে কৈছোঁ যোৱা বছৰবোৰত অসমত যি ধৰণৰ প্ৰগতি হৈছে, আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত A ফৰ্ আপেল বুলি নক’ব A ফৰ্ অসম বুলি ক’ব।
উল্লেখ্য যে, আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ উপস্থিত হোৱাৰ পাছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে ৮০ ফুট উচ্চতাৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোতন কৰে।
