প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰা কামপুৰৰ ৰে’ল দুৰ্ঘটনালৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ পাছতেই জনতাক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে পুৱতি নিশা নগাঁও জিলাৰ কামপুৰত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাই ৭ টাকৈ বনৰীয়া হাতীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ পাছতেই জনতাক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে পুৱতি নিশা নগাঁও জিলাৰ কামপুৰত সংঘটিত হয় এক শোকাৱহ ঘটনা। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাই ৭ টাকৈ বনৰীয়া হাতীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
১. দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈয়েই নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তাৰ পাছতেই তেওঁ উন্মোচন কৰে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ এটি সুউচ্চ প্ৰতিমূৰ্তি। তাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ কনভয় ৰাওনা হয় বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অভিমুখে।
২. গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ পাছতেই জনতাক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়া ভাষাতেই নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ডবল ইঞ্জিন চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰবাহমান হৈ আছে অসমত উন্নয়নৰ ধাৰা। আজি বিকাশৰ উদযাপনৰ দিন বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
৩. বিজেপি চৰকাৰৰ দিনতহে ন্যায় লাভ কৰিছে অসমে। কংগ্ৰেছৰ বাবে বিকাশৰ এজেণ্ডাত নাছিল উত্তৰ-পূৰ্বাঞ্চল। কংগ্ৰেছে ৭ দশক ধৰি অসমত যিবোৰ ভুল কৰিছে, বিজেপিয়ে সেই ভুল এটা এটাকৈ শুধৰাই আছে। বৰঝাৰত জনতাক সম্বোধন কৰি দিয়া ভাষণত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
৪. শনিবাৰে পুৱতি নিশা নগাঁও জিলাৰ কামপুৰত সংঘটিত হয় এক শোকাৱহ ঘটনা। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাই ৭ টাকৈ বনৰীয়া হাতীয়ে। হাতীৰ জাকটোৱে ৰেলপথ পাৰ হোৱাৰ সময়তেই তীব্ৰবেগী ৰে’লখনে খুন্দা মাৰে। এই দুৰ্ঘটনাত ৰে’লখনৰ পাঁচটা ডবা আৰু ইঞ্জিন ৰে’লপথৰ পৰা আঁতৰি যায়। তাৰ পাছতেই ব্যাহত হয় ৰে’ল চলাচল। এই ঘটনাৰ উপযুক্ত তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
৫. বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এক ভিডিঅ’বাৰ্তাযোগে বাংলাদেশত হিন্দু যুৱকক হত্যা কৰা ঘটনাক গৰিহণা দিয়ে নেতাগৰাকীয়ে। ইফালে অসম জাতীয় পৰিষদেও বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।
৬. বাংলাদেশত আজি সম্পন্ন কৰা হয় ইনিকিলাব মঞ্চৰ নেতা ওছমান হাদীৰ অন্তেষ্টিক্ৰিয়া। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুচে এই অনুষ্ঠানত উপস্থিত থাকি হাদীক নায়ক বুলি অভিহিত কৰে। জানাজাৰ নামাজত অংশ গ্ৰহণৰ বাবে সমবেত হয় লাখ লাখ লোক। কাজী নজৰুলৰ সমাধিৰ সমীপতেই অন্ত্যেষ্টিক্ৰিয়া কৰা হয় হাদীৰ।
৭. পশ্চিম বংগত জনসভা সম্বোধন কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলকাতা বিমান বন্দৰৰ পৰা সভা অনুষ্ঠিত হোৱা ৰাণাঘাটলৈ হেলিকপ্টাৰ যোগে যাত্ৰা কৰিছিল যদিও ঘন কুঁৱলীৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰে। যাৰ বাবে তেওঁ বিমান বন্দৰলৈ উভতি আহি ফোনযোগেই জনতাক সম্ভাষণ জনায়।
৮. কেন্দ্ৰীয় চৰকাৰে মনৰেগা আঁচনিৰ নাম সলনি কৰি বিভিজি ৰাম জী আঁচনি আনিবলৈ বিধেয়ক গৃহীত কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ ছোনিয়া গান্ধীৰ। মোদী চৰকাৰে কাৰো পৰামৰ্শ নোলোৱাকৈয়ে মনৰেগা আঁচনিৰ ৰেহ-ৰূপৰ পৰিৱৰ্তন কৰাৰ অভিযোগ তোলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। যোৱা ১১ বছৰত মোদী চৰকাৰে মনৰেগাক দুৰ্বল কৰি তোলা বুলিও কয় ছোনিয়া গান্ধীয়ে।
৯. ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল। ১৫ জনীয়া দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। সহঃঅধিনায়কৰ দায়িত্ব দিয়া হৈছে অক্ষৰ পেটেলক। এই প্ৰতিযোগিতাৰ বাবে দলৰ পৰা বাদ দিয়া হৈছে শুভমন গিল আৰু জিতেশ শৰ্মাক। তেওঁলোক দুয়োৰে পৰিৱৰ্তে দলত স্থান পাইছে ঈশান কিষাণ আৰু ৰিংকু সিঙে।
লগতে পঢ়ক: ডবল ইঞ্জিন চৰকাৰৰ অধীনত অসমত ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰবাহমান উন্নয়নৰ ধাৰা: নৰেন্দ্ৰ মোদী