শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সীমান্তত অৱস্থিত স্পৰ্শকাতৰ বাফাৰ জ’নত বৃহস্পতিবাৰে আন এক হিংসাত্মক ঘটনা সংঘটিত হয়। কুকি সম্প্ৰদায়ৰ এগৰাকী গাঁৱৰ মহিলা নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত হয়।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
barasha-sarma
Barasha Sarma | Published: 20 Jun 2025 07:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস। কলাগুৰুত স্মৰণ কৰি আজি সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিব এই দিৱস। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়ে ধৰি বিভিন্ন স্থানত কলাগুৰুৰ মৃত্যু দিৱস পালন কৰা হ’ব। এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ২০ জুনত। তেওঁ মৃত্যু দিনটো প্ৰতিবছৰে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়।
  2. নগাঁৱৰ শ্ৰীশ্ৰী কাছাৰীযোৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ বিয়োগ। চিকিৎসাধীন অৱস্থাত GMCHত মৃত্যু ডেকা সত্ৰাধিকাৰ লোকনাথ গোস্বামীৰ। এগৰাকী অৱসৰপ্ৰাপ্ত APS বিষয়া আছিল প্ৰয়াত লোকনাথ গোস্বামী।
  3. পুনৰ ২ দিনৰ আৰক্ষীৰ জিম্মালৈ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৫ অভিযুক্তক। ১৯ জুনত আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পাছত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছিল। তাৰ পাছতে আদালতে পুনৰ তেওঁলোকৰ ২ দিনৰ আৰক্ষী জিম্মা দিয়ে।
  4. ইজৰাইল- ইৰাণৰ যুদ্ধ অব্যাহত। ইয়াৰ মাজতে ইৰাণৰ পৰা উভতিল ১১০ গৰাকী শিক্ষাৰ্থী। ‘অপাৰেশ্যন সিন্ধু’ৰ অধীনত স্বদেশত ইৰানত আবদ্ধ প্ৰথমটো ভাৰতীয় শিক্ষাৰ্থীৰ দল। ১১০ শিক্ষাৰ্থীৰ ভিতৰত ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই হৈছে জম্মু-কাশ্মীৰৰ। আৰ্মেনিয়া সীমান্তৰে ভাৰতলৈ অনা হ’ল ১১০ ভাৰতীয় শিক্ষাৰ্থীসকলক।
  5. এয়াৰ ইণ্ডিয়াই ২০২৫ চনৰ ২১ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত ৩টা আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰ উপৰিও আন ১৬টা পথত সেৱা হ্ৰাস কৰা হৈছে।
  6. আজিৰ পৰা ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলা। প্ৰথমখন মেচৰ পূৰ্বে শৃংখলাৰ ট্ৰফীৰ নাম ঘোষণা। এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট ট্ৰফী নামেৰে নামকৰণ শৃংখলাটো। সুদৃশ্য ট্ৰফী মুকলি কৰে দুই কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু জেমছ এণ্ডাৰছনে।
  7. ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াত ১০ টা মিছাইল নিক্ষেপ কৰা হৈছে। ক্ষিণ কোৰিয়া, আমেৰিকা আৰু জাপানৰ যৌথ বিমান অনুশীলনৰ মাত্ৰ এদিন পিছতে এই ঘটনা সংঘটিত হয়।দক্ষিণ কোৰিয়াৰ সেনাই এই কথা নিশ্চিত কৰিছে। সেনাই জনোৱা মতে, এয়া উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণ কাৰ্যসূচীৰ অংশ বুলি অনুমান কৰা হৈছে।
  8. মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সীমান্তত অৱস্থিত স্পৰ্শকাতৰ বাফাৰ জ’নত বৃহস্পতিবাৰে আন এক হিংসাত্মক ঘটনা সংঘটিত হয়। কুকি সম্প্ৰদায়ৰ এগৰাকী গাঁৱৰ মহিলা নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত হয়।নিহত মহিলাগৰাকী চুৰাচান্দপুৰ জিলাৰ লাংচিংমানবি গাঁৱৰ মুৰব্বীৰ পত্নী হাইখোলহিং বুলি জানিব পৰা গৈছে।

 

অন্য খবৰ পঢ়কঃ আজি বিষ্ণু ৰাভা দিৱসঃ কলাগুৰুক স্মৰণ ৰাজ্যবাসীৰ…