শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bishnu rabha divas: আজি বিষ্ণু ৰাভা দিৱসঃ কলাগুৰুক স্মৰণ ৰাজ্যবাসীৰ…

আজি ২০ জুন। সমগ্ৰ ৰাজ্যই আজি কলাগুৰুক স্মৰণ কৰি পালন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমীয়া সমাজ-সংস্কৃতিলৈ ৰাভাৰ অৱদান অতুলনীয়।

Bishnu rabha divas: আজি বিষ্ণু ৰাভা দিৱসঃ কলাগুৰুক স্মৰণ ৰাজ্যবাসীৰ…
বিষ্ণু প্ৰসাদ ৰাভা
barasha-sarma
Barasha Sarma | Updated On: 20 Jun 2025 08:43 AM

মোৰ কবিতাৰ ছন্দ লাগি/মোৰ কবিতাৰ ছন্দ লাগি/স্পন্দন তোৰ জাগে নে?/ কথা মালিকাৰ গন্ধ লাগি/ সোণৰ সপোন ভাগে নে?…

তেওঁ আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ,সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু। অসমীয়া সমাজ-সংস্কৃতিৰ অন্যতম বাটকটীয়া। ৰাভাই অসমীয়া সমাজ জীৱনলৈ যি অৱদান আগবঢ়াই থৈ গৈছে তাৰ বাবে হয়তো সমগ্ৰ অসময়ী চিৰঋণী। এইগৰাকী মহাব্যক্তিৰ মৃত্যু তিথিত প্ৰতিবছৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। আজি ২০ জুন। সমগ্ৰ ৰাজ্যই আজি কলাগুৰুক স্মৰণ কৰি পালন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ৰ ঢাকাত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। যাৰ বাবে পাছলৈ তেওঁলোকে ৰাভা উপাধি গ্ৰহণ কৰিছিল।

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কলেজীয়া শিক্ষাৰ বাবে কলকাতালৈ যায়। ইয়াৰ মাজতে তেওঁ জঁপিয়াই পৰে স্বাধীনতাৰ আন্দোলনত। পৰৱৰ্তী সময়ত তেওঁ শিক্ষা আধাতে সামৰিব লগা হয়।

অসমলৈ ঘূৰি আহি ৰাভাই বিভিন্ন আলোচনীত লিখা মেলা কৰিছিল।ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। কবিতাটি আছিল-“ৰাজ্যে আছে দুইটি পাঠা/একটি কালো একটি সাদা/ৰাজ্যেৰ যদি মঙ্গল চাওঁ/ দুইটি পাঠাই বলি দাওঁ।”

১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। তেওঁ ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল।

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত ‘ছিৰাজ’ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।

ৰাভাই সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। তেওঁৰ গীতসমূহ ৰাভা সংগীত নামেৰে পৰিচিত। ৰাভাৰ সংগীত, সাহিত্যই আজিও লাখ লাখ অসমীয়াত অনুপ্ৰাণিত কৰি গৈছে। ৰাভাৰ লিখনিত স্পষ্ট হৈ উঠে দেশপ্ৰেমৰ ভাষা।

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে ১৯৩৭ চনৰ ২২ ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয়। পত্নী শোকত বিহ্বল হৈ ৰাভাই লিখিছিল- ‘‘পৰজনমৰ শুভ লগনত/যদিহে আমাৰ হয় দেখা/পুৰাবানে প্ৰিয়ে এই জনমৰ/মোৰ হিয়াৰ অপূৰ্ণ আশা। ‘’

এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ২০ জুনত। তেওঁ মৃত্যু দিনটো প্ৰতিবছৰে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়।

 

অন্য খবৰ পঢ়কঃ ছাত্ৰ-ছাত্ৰীৰ বাবে বিষ্ণু ৰাভা দিৱসৰ চমু ভাষণ…