Gold Price Drop: ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজতে ৭৫,০০০ পৰ্যন্ত হ্ৰাস পাব সোণৰ মূল্য! মধ্যবিত্তৰ বাবে ডাঙৰ সুযোগ…
Gold Price Drop: মধ্যপ্ৰাচ্যত বৰ্তমান উত্তেজনা। এই উত্তেজনাই প্ৰভাৱ পেলাইছে বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰখনতো। যাৰ বাবে যোৱা সময়চোৱাত সোণৰ মূল্য তীব্ৰগতিত বৃদ্ধি পাইছে। কিন্তু এই সোণৰ মূল্য হ্ৰাস পাব পাৰে।

মধ্যপ্ৰাচ্যত চলি আছে ভয়ংকৰ সংকট । ইয়াৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ বাবে জুন মাহৰ দ্বিতীয় সপ্তাহত সোণৰ মূল্য কিছু বৃদ্ধি পায়। তাৰ পাছত আকৌ লাহে লাহে দাম কমিবলৈ ধৰে। ‘দ্য নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত তথ্য অনুসৰি, এই সংকট বেছি দিনলৈ নাথাকে, আৰু যদি এনে হয় তেন্তে সোণৰ দাম তীব্ৰভাৱে হ্ৰাস পাব পাৰে। ইয়াৰোপৰি চিটিবেংকে কয় যে অহা ত্ৰৈমাসিকত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯১,৭৫৫ টাকালৈ হ্ৰাস পাব পাৰে।
বেংকটোৱে কয়, সোণৰ দাম সৰ্বোচ্চ মূল্যত উপনীত হৈছে। কিন্তু এই ধাতুৰ মূল্য ২০২৫ চনৰ জুন আৰু ছেপ্টেম্বৰৰ ভিতৰত হ্ৰাস পাব পাৰে। ২০২৬ চনত এই ধাতুৰ দাম আৰু হ্ৰাস পাব পাৰে।মেক্স লেটন আৰু অন্যান্য বিশেষজ্ঞসকলে কয় যে ২০২৬ চনৰ শেষলৈকে সোণৰ মূল্য ৭৬ হাজাৰ ৪৬২ৰ পৰা ৮২ হাজাৰ ৫৬৬ টকাৰ ভিতৰত হ্ৰাস পাব পাৰে।
কিন্তু কি কাৰণে কমিব পাৰে সোণৰ দাম? বিশেষজ্ঞসকলে কয় যে সোণৰ মূল্য হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে সোণৰ বিনিয়োগৰ চাহিদা হ্ৰাস , বিশ্বৰ পৰিস্থিতি স্বাভাৱিক, বিভিন্ন দেশৰ মানুহ আৰু কেন্দ্ৰীয় বেংকে সোণ বিক্ৰী কৰি অন্য ঠাইত বিনিয়োগ কৰা, আৰু আমেৰিকান ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰ হ্ৰাস কৰা আদি ।
যোৱা ২/৩ বছৰত সোণৰ মূল্য ভয়ংকৰভাৱে বৃদ্ধি পাইছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক নীতি, মধ্যপ্ৰাচ্যৰ ইৰাণ-ইজৰাইল সমস্যাৰ বাবেই সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা সোণ ক্ৰয় কৰাটোৱেও এই মূল্যবৃদ্ধিত অৰিহণা যোগাইছিল
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰত বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগৰ সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।
অন্য খবৰ পঢ়কঃ অনিল আম্বানীৰ ওচৰত সবাতোকৈ মূল্যবান সামগ্ৰী কি আছে? জানক ইয়াৰ দাম…