বৃক্ক সংক্ৰমণ লক্ষণসমূহ কি কি জানক...

20 June 2025

TV9 ASSAM

বৃক্ক সংক্ৰমণক চিকিৎসা বিজ্ঞানৰ ভাষাত পায়লোনেফ্ৰাটিছ বুলি কোৱা হয়। ই UTI ৰ গম্ভীৰ ৰূপ যি মূত্ৰনলী বা মূত্ৰাশয়ৰ জৰিয়তে কিডনীলৈ বিয়পি পৰে। বেক্টেৰিয়াৰ বাবে বিশেষকৈ এই সংক্ৰমণ হয়।

বৃক্ক সংক্ৰমণ

ডাঃ দীপক সুমনে কয় যে,বৃক্ক মেৰুদণ্ডৰ দুয়োফালে পিঠিৰ ওচৰত থাকে। যেতিয়া বৃক্কত প্ৰদাহ বা সংক্ৰমণ হয় তেতিয়া বিষ অনুভৱ হয়। ই কেতিয়াবা এফালে, কেতিয়াবা দুয়োফালে হয়। এই বিষ কেতিয়াবা তীব্ৰতৰ হয়।

পিঠিত তীব্ৰ বিষ

সংক্ৰমণ বাবে মূত্ৰনলী বা মূত্ৰাশয় ফুলি উঠে। যাৰ বাবে সঘনাই প্ৰস্ৰাৱ আহি থাকে বা প্ৰস্ৰাৱ অনুভৱ হয়। ইয়াৰোপৰি প্ৰস্ৰাৱ কৰাৰ সময়ত তীব্ৰ বিষ, জলা পোৰা, বিন্ধা আদিৰ দৰে হয়।

বাৰে বাৰে প্ৰস্ৰাৱ

যেতিয়া শৰীৰত বেক্টেৰিয়েল সংক্ৰমণ হয় তেতিয়া সঘনাই জ্বৰ হৈ থাকে। এই জ্বৰ সাধাৰণতে 1010F তকৈ ওপৰত হয় আৰু ইয়াৰ ফলত কঁপনি, ঠাণ্ডা লগা আদি সমস্যা হয়।

জ্বৰ

বৃক্ক সংক্ৰমণ হোৱাৰ ফলত প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলায়।  ইয়াৰোপৰি ইয়াৰ ৰং সলনি হোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা গাঢ় হালধীয়া, কেতিয়াবা গোলাপীৰ দৰে হয়।

প্ৰস্ৰাৱ দুৰ্গন্ধ

যেতিয়া শৰীৰত সংক্ৰমণ হয় তেতিয়া ভাগৰুৱা আৰু দুৰ্বল অনুভৱ হয়। এই ভাগৰ সাধাৰণতকৈ অধিক হোৱাৰ সম্ভাৱনা থাকে। সংক্ৰমণৰ বিৰুদ্ধে ব্যক্তিয়ে যুঁজি থকাৰ বাবে এই ভাগৰ লাগে।

ভাগৰুৱা

বৃক্ক সংক্ৰমণ হোৱাৰ ফলত পাচন তন্ত্ৰত প্ৰভাৱ পৰে। ইয়াৰ ফলত বমি হোৱাৰ সম্ভাৱনা থাকে। এই লক্ষণ শৰীৰৰ টক্সিনৰ বৃদ্ধি আৰু বৃক্কই ভালদৰে কাম নকৰাৰ ফলত হয়।

বমি

পঢ়িবলৈ ক্লিক কৰক

বায়টিন অভাৱৰ লক্ষণ